কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চৰকাৰী প’ৰ্টেলত ২২লাখৰো অধিক অভিযোগ Credit: প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: বিগত এবছৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চৰকাৰী প’ৰ্টেলত ২২লাখৰো অধিক অভিযোগ জমা হৈছে। এয়া যোৱা তিনি বছৰৰ ভিতৰত সৰ্বাধিক । ৰাজ্যসভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে।চৰকাৰী তথ্য মতে, পাব্লিক গ্ৰিভিয়েন্স ৰিএড্ৰেছ এণ্ড মনিটৰিং চিষ্টেমত ২০২০চনত ২২ লাখ ৭১ হাজাৰ ২৭০ টা অভিযোগ জমা পৰিছে।

২০১৯চনত ১৮ লাখ ৬৭ হাজাৰ ৭৫৮টা অভিযোগ জমা পৰাৰ বিপৰীতে ২০১৮চনত ইয়াৰ সংখ্যা আছিল ১৫লাখ ৮৬হাজাৰ ৪১৫টা।আনহাতে, এই অভিযোগৰ ভিতৰত অধিকাংশৰে সমাধান হোৱা বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে এতিয়া মাত্ৰ ১০ লাখ ২৩ হাজাৰ ৩০০টা অভিযোগ মীমাংসা কৰিবলৈ বাকী আছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমস্যাসমূহৰ সমাধানৰ বাবে মন্ত্ৰ্যালয়ৰ কৰ্মীসকলে নিয়মিত বৈঠকত মিলিত হৈছে। যোৱা ৫ জানুৱাৰিতো সংশ্লিষ্ট মন্ত্ৰ্যালয়ৰ কৰ্মীসকলে বৈঠকত মিলিত হৈছিল।তদুপৰি, প্ৰতিটো বিভাগতে অভিযোগ দাখিল কৰাৰ ব্যৱস্থা আছে আৰু তাৰ পৰাও সমস্যাৰ মীমাংসা কৰা হয়।

কিন্তু মাত্ৰ এবছৰতেই জমা হোৱা ইমানবোৰ অভিযোগৰ সংখ্যাই স্বাভাৱিকতেই চৰ্চা লাভ কৰিছে সচেতন মহলত। এই অভিযোগে প্ৰমান কৰে যে দিনক দিনে চৰকাৰৰ বিৰুদ্ধে সাধাৰণ নাগৰিকৰ অসন্তুষ্টি বৃদ্ধি পাইছে!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply