বিটি আৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক: কোকৰাঝাৰৰৰ গ্ৰীন ফিল্ডত বিটিআৰ চুক্তিৰ এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজিৰে পৰা ২৭ জানুৱাৰীলৈ আয়োজিত কাৰ্যসূচীত দেওবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে | বিশাল ৰাজহুৱা সভাত বিটিআৰ বাসীক সম্বোধন কৰি অমিত শ্বাহে উল্লেখ কৰে যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰচেষ্টাতে বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে আৰু ই চিৰদিন প্ৰৱাহিত হৈ থাকিব।

ইয়াৰ লগতে তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে অসমৰ ভিতৰতে বিকশিত প্ৰান্ত ৰূপে বিটিআৰ পৰিচিত হব। ইউ পি পি এলে এন ডি এত যোগদান কৰা কাৰ্যতো তেওঁ আনন্দ প্ৰকাশ কৰে আৰু প্ৰমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ড বহুদূৰ আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে। বিৰোধীক সমালোচনা কৰি শ্বাহে কয়- ‘কংগ্ৰেছে অসম ৰক্তাক্ত কৰি ৰাখিছিল। কংগ্ৰেছে বহুকেইখন চুক্তি কৰিছিল ৷ কিন্তু ৰূপায়ণ নহ’ল ৷ কেৱল প্ৰতিশ্ৰুতি হৈ থাকিল। কিন্তু ৭০ বছৰে নোহোৱা বিকাশ এতিয়া আমাৰ চৰকাৰৰ দিনত হৈছে। বড়ো জাতিৰ সকলো ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষা আমাৰ চৰকাৰে কৰিব।’

গৃহমন্ত্ৰী শ্বাহে লগতে বিটিআৰৰ নিৰ্বাচনৰ প্ৰসংগৰ অৱতাৰণা কৰি কয়- ‘সেয়া আছিল ছেমি ফাইনেল, তাত বিজেপি জয়ী হৈছে। এতিয়া ফাইনেলতো ছেমি ফাইনেলৰ দৰে বিজয় সাব্যস্ত কৰিম।’

এই অনুষ্ঠানত বক্তব্য ৰাখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে | শান্তি অবিহনে প্ৰগতি সম্ভৱ নহয়- বিটিআৰ চুক্তি প্ৰথম বৰ্ষপূৰ্তিত কোকৰাঝাৰত মুখ্যমন্ত্ৰী সোণোৱাল। বিটিচি চীফ প্ৰমোদ বড়োকো প্ৰশংসা।

অনুষ্ঠানত উপস্থিত থাকি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ৫০০ কোটিৰ পেকেজ ঘোষণা কৰে।

এই পেকেজক গুডউইল পেকেজ ৰূপে ঘোষণা কৰি মন্ত্ৰী ড০ শৰ্মাই কয়- ‘মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছো যে কালি ৰাজ্য চৰকাৰে বিটিআৰৰ ৰাস্তা-ঘাট উন্নয়নৰ বাবে গুডউইল পেকেজ ৫০০ কোটি টকাৰ অনুমোদন দিছে।’

মন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘যোৱাটো বিটিআৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অহা ৩০ দিনৰ ভিতৰত বাক্সা আৰু চিৰাঙত নতুন মডেল কলেজ নিৰ্মাণ কাৰ্যত আগবাঢ়িম। নিৰ্বাচনৰ সময়ৰে প্ৰতিশ্ৰুতি মৰ্মে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন কেম্পাছ খুলিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো।’

আনহাতে তামুলপুৰত পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰ কাম অহা ২৯ তাৰিখৰ ভিতৰত আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰে ড০ শৰ্মাই ।

দেওবাৰৰ দ্বিতীয়টো কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকে নলবাৰীৰ কেন্দুকুছিৰ মুকুন্দ কাকতি স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৰোহত | গৃহমন্ত্ৰী গৰাকীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰেই অসমৰ উন্নয়ন সম্ভব কৰিব পাৰিব বুলি উল্লেখ কৰে | এই অনুষ্ঠানতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পান্ডা সহ প্ৰভাৰী পবন শৰ্মা সহ বহুতো নেতাই অংশ লয় |

নলবাৰীত উপস্থিত ৰাইজক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “বদৰুদ্দিন আজমলে কৈছে যে, বিজেপি চৰকাৰ আহিলে মছজিদ ভাঙিব। কিন্তু মই বদৰুদ্দিন আজমলক প্ৰশ্ন কৰিব বিচাৰিছো যে, কংগ্ৰেছ-AIUDF শাসনলৈ আহিলে হিন্দু মন্দিৰলৈ যাব পাৰিবনে নাই?”।

 বদৰুদ্দিন আজমলক সমালোচনা কৰি ভাষণত মন্ত্ৰী শৰ্মাই কয় যে,  ‘বাবৰৰ দৰে আক্ৰমণকাৰীয়ে ভাঙিছিল ৰামচন্দ্ৰৰ মূৰ্তি। কামাখ্যা মন্দিৰৰ ওপৰত আক্ৰমণ চলিছিল। আৰু আধুনিক যুগত বদৰুদ্দিন আজমলৰ সৈন্যসকলে মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ ভূমিত আক্ৰমণ কৰিছে।  বিজেপিৰ কাৰ্যকৰ্তা যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈকে দিছপুৰৰ ১০০ কিলোমিটাৰৰ ভিতৰত বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক সোমাবলৈ দিয়া নহ’ব।’

ইফালে মন্ত্ৰী শৰ্মাই আগন্তুক  নিৰ্বাচন অসমীয়াৰ বাবে জীৱন মৰণৰ নিৰ্বাচন বুলি উল্লেখ কৰে। শৰ্মাই কয় যে,  ‘অসমৰ বুকুত কিছুমানে মিঞা কবিতা লিখিব খোজে। কিছুমানে মিঞা স্কুল বনাব খোজে। কিছুমানে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম বনাব খোজে। কিন্তু অসমত বিজেপি যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈকে অসমত কেৱল শংকৰ আৰু মাধৱৰ জয়গান গোৱা হ’ব। কোনোধৰণৰ মিঞা মিউজিয়াম, স্কুল গঠন কৰিবলৈ দিয়া নহ’ব।

একেখন সভাত অমিত শ্বাহৰ উপস্থিতিত নলবাৰীত আছুক তুলাধুনা হিমন্ত বিশ্ব শৰ্মাৰ। ‘ক’ভিডৰ সময়ত ক’ত সোমাই আছিল সমুজ্বল ভট্টাচাৰ্য, লুৰীণ গগৈ’? বৰ্তমান জোঁৰ সমদল কৰা আছুক প্ৰশ্ন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply