কোকৰাঝাৰ – কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত তুলসীবিল বজাৰত এক চাঞ্চল্যকৰ আৰু কৰুণ ঘটনা সংঘটিত হৈছে। তুলসীবিল বজাৰৰ বাসিন্দা নিৰ্মল পাল (৫২) , নিৰ্মল পালৰ পত্নী মল্লিকা পাল (৪৫)আৰু তিনি জীয়ৰী ক্ৰমে পূজা পাল (২৫) নেহা পাল (১৭), আৰু স্নেহা পালে (১৫) ৰবিবাৰে নিশা নিজ গৃহতে চিপলৈ আত্মহত্যা কৰে।
ঋণৰ বোজা সহিব নোৱাৰি নিৰ্মল পালৰ পৰিয়ালটোৱে আত্মহত্যা কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে নিৰ্মল পালে তুলসীবিল বজাৰত সাৰৰ ব্যৱসায় কৰিছিল। কিন্তু লকডাউনৰ সময়ছোৱাৰে পৰা ব্যৱসায়ত ব্যাপক লোকচান হৈছিল আৰু যাৰ পৰিণতিতে লোকজন ধাৰত পোত গৈছিল। স্থানীয় ৰাইজে সদৰী কৰা মতে, কেবালাখ টকা সূদত লোৱাৰ পিছত সময়মতে ধন পৰিশোধ কৰিব নোৱাৰি অত্যন্ত মানসিক চাঁপতে চৰম পন্থা লৈছে।
আনহাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এয়া আত্মহত্যা বুলি সদৰী কৰে। প্ৰাৰম্ভিক তদন্ত মৰ্মে এয়া ঋণগ্ৰস্থতাৰ বাবে আত্মহত্যা যদিও ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰা হব বুলি সদৰি কৰিছে আৰক্ষী অধীক্ষক ৰাাকেশ ৰৌশনে।
উল্লেখ্য যে নিৰ্মল পালৰ জেষ্ঠ্যা ছোৱালী পূজা পালে বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰি তুলসীবিল জাতীয় বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে কাম কৰি আছিল আৰু মাজু ছোৱালী নেহা পাল উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্রী আৰু কনিষ্ঠা ছোৱালী স্নেহা পাল দশম শ্ৰেণীত অধ্যায়নৰত আছিল।
ইফালে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাটোক লৈ এবিএমছুৱে সন্দেহ প্ৰকাশ কৰিছে। এবিএমছুৰ মতে এয়া অকল্পনীয় ঘটনা আৰু প্ৰকৃততে যদি সেয়াই হয় সুদত ঋণ দিয়া সকলকো তদন্তৰ আওঁতালৈ আনিব লাগে।
উল্লেখ্য যে নিৰ্মল পালৰ প্ৰকৃত ঘৰ গোৱালপাৰা জিলাত আৰু বিগত ২৫ বছৰ ধৰি তুলসীবিল বজাৰত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল।