কোচ ৰাজবংশীসকলৰ ভূমিত বড়োলেন্ড গঠন মানি নলয়

বঙাইগাঁও:-গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে বিটিআৰ জন্মৰ প্ৰথম বাৰ্ষিকীত অংশ লোৱাৰ সময়তে বড়োলেন্ডত বসবাস কৰা কোচ ৰাজবংশীসকলৰ মন্তব্য তেওলোকৰ ভূমিত বডোলেণ্ড গঠন কেতিয়াও মানি লোৱা নহ’ব৷ সেয়া বডোলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলে হওক বা বডোলেণ্ড টেৰিটৰিয়েল ৰিজ’নে হওক৷

কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীয়ে বডোলেণ্ডৰ চিৰদিন বিৰোধিতা কৰি যাব৷ –এই মন্তব্য কৰে কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীৰ উপদেষ্টা ত্রিদীপপতি সিংহই৷ বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বিটিআৰৰ পৰা গাঁও কর্তন, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মর্যাদা দিয়াৰ দাবীত সদৌ অসম কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত গণ সমাৱেশত প্ৰতিবাদৰ মুখৰ হৈ পৰে উপস্থিত সকলো ৷

সমাৱেশত অংশ লৈ ত্রিদীপপতি সিংহই কয়– ‘কোচ ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া বন্দুক দেখি ভয় নকৰে৷ পূর্বতে জনগোষ্ঠীটোৰ লগত বহুতো প্রতাৰণা কৰা হ’ল৷ নিজা মাতৃভূমিতে বিটিচি আৰু শেহতীয়াকৈ বিটিআৰ গঠনৰ নামত জনগোষ্ঠীৰ নিজ অধিকাৰ কাঢ়ি লোৱা হ’ল৷ কিন্তু নিজৰ প্রাপ্য অধিকাৰ ঘূৰাই পোৱাৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয়ে এতিয়া কাকো ভয় নকৰা হৈছে৷ কোনোবাই বন্দুক দেখুৱালে জনগোষ্ঠীটো এতিয়া তাৰে প্রত্যুত্তৰ দিবলৈ সাজু আছে৷

প্রতিখন চৰকাৰকে সমালোচনা কৰি তেওঁ কয় যে প্রতিটো চৰকাৰেই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ লগত কেৱল প্রতাৰণা কৰি আহিছে৷ ৰাজ্যত পূর্বৰ কংগ্রেছ চৰকাৰৰ আমোলত বিটিচি গঠন কৰা হৈছিল৷ বিটিচি গঠনৰ ক্ষেত্রত তথা সীমা নির্ধাৰণৰ বিষয়ত মন্ত্রী ডাঃ ভূমিধৰ বর্মনক লৈ তিনিজনীয়া এখন কমিটী গঠন কৰা হৈছিল৷

বিটিচি গঠনৰ বিৰোধিতা কৰি তথা বিটিচিৰ সীমা সন্দর্ভত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে বহু আপত্তি দর্শাইছিল যদিও কোনো গুৰুত্বই নিদিলে তদানীন্তন কংগ্রেছ দলৰ মন্ত্রী ডাঃ ভূমিধৰ বর্মনে৷ কোচ ৰাজবংশী সংগ্রাম সমিতিৰ সভাপতি অতুল ৰায়েও বক্তব্য আগবঢ়াই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তর্ৱর্তী পৰিষদখন বিভিন্ন দল–সংগঠনৰ সহমতৰ ভিত্তিত শীঘ্রে গঠন কৰি অঞ্চলটোত উন্নয়নৰ ধাৰা খৰতকীয়া কৰি তোলাৰ বাবে চৰকাৰক গঠনৰ আহ্বান জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply