কোকৰাঝাৰ- বিক্ষিপ্ত হিংসাৰ মাজেৰে সামৰণি পৰিল বিটিচিৰ নিৰ্বাচন | কোনে দখল কৰিব এইবাৰ বিটিআৰৰ বাঘজৰী তাক লৈ আৰম্ভ হৈছে সকলো ৰাজনৈতিক দলৰ নিজৰ নিজৰ মত। জনতাই ইতিমধ্যে নিজৰ ৰায় সাব্যস্ত কৰিছে | তিনিবাৰকৈ শাসনত থকা হাগ্ৰামা মহিলাৰীয়ে পুনৰ জয়লাভ কৰিবনে ? ইউপিপিএলৰ প্ৰমোদ বড়োৰ হাতত দিব এইবাৰ বিটিআৰৰ দায়িত্ব নে হিমন্তবিশ্ব শৰ্মাই দাবী কৰি অহাৰ দৰে বিজেপি এইবাৰ বড়োভূমিত প্ৰথমবাৰৰ বাবে চৰকাৰৰ দায়িত্ব লব | কাইলৈ ওলাব ইয়াৰ ফলাফল |
কাইলৈ হ’বলগীয়া ভোটগণনাৰ বাবে সাজু হৈছে বিটিচি প্ৰশাসন | ২৪১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব | কাইলৈ পুৱা ৮ বজাৰ পৰা হ’ব ভোটগণনা | ইয়াৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যবস্থা | প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনত ৭৭.০১ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৭৯ শতাংশ ভোটদান হোৱাৰ খবৰ |
আনহাতে বৃহস্পতিবাৰে বিটিচি নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহন সম্পন্ন হোৱাৰ পিছত নিশা ৩৬ নং শ্ৰীৰামপুৰ হাইস্কুল ভোটকেন্দ্ৰৰ বেলট বাকচ গোসাইগাওঁ মহকুমাৰ নিৰ্বাচনী কাৰ্যালয়ত জমা দিবলৈ অহা অৱস্থাত খোলা বেলেট বাকচ দেখি একাংশ লোকে খেলি মেলি থকা বুলি সন্দেহ কৰি নিৰ্বাচনী বিষয়াক প্ৰহাৰ কৰাৰ লগতে বেলট বাকচটোও ভাগি পেলাই | এই ঘটনাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ ফলত আৰক্ষীয়ে শূণ্যলৈ গুলিচালনা কৰে । ফলত উক্ত ভোটকেন্দ্ৰটোত আজি পুনৰ ভোটগ্ৰহন পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে |
২০১০ চনৰ বিটিচি নির্বাচনত বি পি এফে ৩১টা পৰিষদীয় সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে কংগ্রেছে তিনিটা আৰু নির্দলীয়ই ৬টা সমষ্টি দখল কৰিছিল৷ ২০১৫ চনৰ বিটিচি নির্বাচনত বি পি এফে ২০টা, এ আই ইউ ডি এফে ৪টা, বিজেপিয়ে ১টা আৰু নির্দলীয়ই ৫টা পৰিষদীয় সমষ্টি দখল কৰে যদিও পৰৱর্তী পর্যায়ত এ আই ইউ ডি এফ আৰু নির্দলীয়ৰ সমর্থনত বি পি এফে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷
ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ২০১৫ চনৰ নির্বাচনত বি পি এফে ২৮.৫ শতাংশ, অগপই ০.৫০ শতাংশ, চি পি আই (এম)–এ ১ শতাংশ, বিজেপিয়ে ১৩ শতাংশ, কংগ্রেছে ৬ শতাংশ আৰু নির্দলীয়ই ৪৭ শতাংশ ভোট লাভ কৰে৷ আয়োগৰ তথ্য অনুসৰি ২০১০ চনৰ নির্বাচনৰ তুলনাত ২০১৫ চনৰ নির্বাচনত বি পি এফে ১১খনকৈ আসন হেৰুৱায়৷ একেদৰে কংগ্রেছে ৩খন আসন হেৰুৱায়৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফে ২০১৫ চনৰ নির্বাচনত ৮খন আসনত প্রতিদ্বন্দ্বিতা কৰি ৪খন আৰু বিজেপিয়ে ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰি এখন আসন লাভ কৰে৷ সেই দিশৰ পৰা বিশ্লেষণ কৰিলে ২০১৫ চনৰ নির্বাচনৰ পৰাই বি পি এফৰ জনপ্রিয়তা হ্রাস পাবলৈ ধৰে |
এইবাৰৰ নিৰ্বাচতো দেখা গ’ল বি পি এফৰ আগৰদৰে জনপ্ৰিয়তা নাই | প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল দলে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গ’ল | প্ৰচাৰ সভাবোৰতো জনতাৰ উপস্থিতিয়ে তাকেই প্ৰমান কৰিছে | কিন্ত ভোটৰ অংকত দলটোক কিমান বিশ্বাসত লৈছে সি লক্ষ্যণীয় হ’ব | একেৰাহে দুবাৰৰ সাংসদ নৱ শৰণীয়াই কেনেদৰে বাজী মাৰে সিও চাবলগীয়া হ’ব |
বিটিচিত জনসংখ্যাৰ দিশেৰে ২৭ শতাংশ লোকহে বড়ো জনগোষ্ঠীৰ৷ বাকী ৭৩ শতাংশ লোকেই হৈছে অসমীয়া হিন্দু, কোচ ৰাজবংশী, ধর্মীয় সংখ্যালঘু, বাঙালী হিন্দু, আদিবাসী, নেপালী ইত্যাদি৷ এই ৭৩ শতাংশৰ ভিতৰত ধর্মীয় সংখ্যালঘু সম্প্রদায়ে স্বাভাৱিকতে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রজোঁটৰ প্রার্থী অথবা নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টীৰ প্রার্থীক সমর্থন দিছে নে তেওলোকৰ ভোট বিভাজন হৈছে সেই ছবি এতিয়াও স্পষ্ট নহয় |
সেইদৰে বাঙালী হিন্দু, কোচ ৰাজবংশী, নেপালী সম্প্রদায়ৰ লগতে আদিবাসীৰ এক বৃহৎ অংশৰ ভোট বিজেপিৰ টাৰ্গেট আছিল | আনহাতে, অঞ্চলটোত বসবাস কৰা অবড়োসকলৰ ভিতৰত বি পি এফেও এক নির্দিষ্ট ভোট লাভ কৰাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ অবড়োৰ ভোট যিমানেই বিভাজন হ’ব, সিমানেই উপকৃত হ’ব প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দল৷ স্থানীয় একাংশ সংবাদগোষ্ঠীৰ একজিট প’ল মতে এইবাৰ কোনো দলেই একক সংখ্যাগৰিষ্ঠতা নাপায় | অৱশ্যে এই ছবিখন সম্পূর্ণৰূপে পৰিষ্কাৰ হ’ব অহা ১২ ডিচেম্বৰত হ’বলগীয়া ভোটগণনাৰ অন্ততহে৷