ডিজিটেল ডেস্ক – মঞ্চত উপবিষ্ট হৈ এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতৃক ‘আইটেম’ বুলি সম্বোধন কৰিলে এগৰাকী বয়োজ্যেষ্ঠ কংগ্ৰেছী নেতাই। তেওঁ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ। মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতৃ ইমাৰতী দেৱীক আইটেম বুলি উল্লেখ কৰিলে কংগ্ৰেছী নেতাজনে। তেওঁ কয়, ‌‘আমাৰ প্ৰাৰ্থী তেওঁৰ দৰে নহয়। কি নাম আছিল তেওঁৰ?’’ তেওঁৰ কথা শুনিয়েই জনতাই চিঞৰি উঠে – ইমাৰতী দেৱী। আগন্তুক ৩ নৱেম্বৰত মধ্যপ্ৰদেশত ২৮ আসনৰ উপ নিৰ্বাচন। আৰু তাৰেই প্ৰচাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে বিজেপি প্ৰাৰ্থী ইমাৰতী দেৱীৰ সম্পৰ্কে এনে মন্তব্য কমল নাথৰ।

মঞ্চৰ সমূখত কেবা সহস্ৰ লোক। কমল নাথে বাষণ আৰম্ভ কৰিয়েই ক’লে, ‘আমাৰ প্ৰাৰ্থীতো আৰু তেওঁলোকৰ দৰে নহয়! কি নাম আছিল তেওঁৰ? (‌জনতাই ‘‌ইমাৰতি দেৱী’‌ বুলি চিৎকাৰ কৰি উঠে‌)। মইনো‌ কি বুলি নাম ক’ম? আপোনালোকেতো তেওঁক আমাতকৈও বেছি ভালকৈ চিনি পায়। মোক আপোনালোকেই সতৰ্ক কৰি দিয়া উচিত আছিল। কেনে আইটেম সেইগৰাকী!’

আসন্ন নিৰ্বাচনত মধ্যপ্ৰদেশৰ ডাবৰা কেন্দ্ৰৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব ইমাৰতী দেবী৷ কমল নাথৰ মন্তব্যৰ পিছত সমালোচনাত মুখৰ হৈছে বিজেপি। ৰাজ্যৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে টুইট কৰি লিখিছে, ‘‌এই ধৰণৰ মন্তব্যই কংগ্ৰেছৰ সামন্ততান্ত্ৰিক মনোভাৱৰ উদাহৰণ। ইমাৰতি দেৱী এগৰাকী দৰিদ্ৰ কৃষকৰ কন্যা। যিয়ে কষ্ট কৰি এগৰাকী জনসেৱক হিচাপে আগুৱাই আহিছে।”‌ এই মন্তব্যৰ প্ৰতিবাদত সোমবাৰে পুৱা ১০ বজাৰ পৰা তেওঁ ১২ বজালৈ মৌন প্ৰতিবাদত বহিছিল। উল্লেখ্য যে জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মাৰ্চ মাহতেই ইমাৰতী দেৱীয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply