নিউজ ডেস্ক – বহু প্ৰত্য়াশাৰে অপেক্ষিত বিশ্ৱবাসী। কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি? সকলোৰে মনত নানা প্ৰশ্ন।অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্ববাসী। চলি আছে ভোট গণনা।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে ৰিপাব্লিক দলৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেনৰ মাজত চলিছে প্ৰতিদ্বন্দিতা। ভোট গণনাত আগবাঢ়ি আছে ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেন।

৩নৱেম্বৰত এই নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হয়। এই নিৰ্বাচনক লৈ কৰা এক সমীক্ষাত কোৱা হৈছিল জ’ বাইডেন ট্ৰাম্পতকৈ আগুৱাই থাকিব। পৰাজয়ৰ দিশে আগুৱাই থকাৰ বাবে ট্ৰাম্প আদালতৰ দ্বাৰস্থ হৈছিল। ছুপ্ৰিম ক’ৰ্টত গৈ ভোটগণনা বন্ধ কৰাৰো আহ্বান জনাইছিল ট্ৰাম্পে।

বৰ্তমানলৈ জ’ বাইডেনে ২৬৪ ইলেক্ট’ৰেল ভোট লাভ কৰাৰ লগতে বৰ্তমানৰ ৰাষ্ট্ৰপতি তথা প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে ২১৪ ইলেক্ট’ৰেল ভোট লাভ কৰে ।

শেষ সিদ্ধান্তলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বিশ্ববাসীয়ে।এতিয়াও চলি আছে ভোটগণনা প্ৰক্ৰিয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply