গুৱাহাটী – ৰাজ্যৰ বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল আৰু মাথো তিনিটা দিন বাকী। এনে পৰিস্থিতিত বৰ্তমানলৈ নতুন মুখ্য সচিব কোন হ’ব তাক লৈ দ্বিধাগ্ৰস্ত হৈছে দিছপুৰ৷ শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি বৰ্তমানৰ মুখ্য সচিবগৰাকীৰ কাৰ্যকাল ছমাহলৈ বৃদ্ধি কৰাৰ বাবে নতুন দিল্লীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল যদিও এই পৰ্যন্ত কোনো উত্তৰ অহা নাই দিল্লীৰ পৰা। ইফালে কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃৰ নাম এছআই কেলেংকাৰিৰ সৈতে সাঙোৰ খোৱাৰ পিছৰ পৰিস্থিতি এতিয়া সলনি হোৱা দেখা গৈছে৷
এই ক্ষেত্ৰত ১৯৮৬ চনৰ কেডাৰৰ আইএএছ বিষয়া ৰবি কাপুৰ আৰু ১৯৮৮ চনৰ কেডাৰ জিষ্ণু বৰুৱাৰ লগতে ১৯৮৫ চনৰ কেডাৰ ভি এছ ভাস্কৰৰ নাম মুখ্য সচিবৰ বাবে উচ্চাৰিত হৈছে। এই ক্ষেত্ৰত ৰবি কাপুৰৰ নাম মূল বাচনিত উঠাৰ চৰ্চা হৈছে যদি মাত্ৰ দুমাহ কাৰ্যকাল বাকী আছে কাপুৰৰ। কিয়নো ৩১ ডিচেম্বৰ, ২০২০ তাৰিখ হৈছে ৰবি কাপুৰৰ কাৰ্যকালৰ অন্তিমটো দিন।
আনফালে ভি এছ ভাস্কৰৰো কাৰ্যকাল অন্ত পৰিব ২০২১ চনৰ ৩১ জুলাইত। গতিকে এনে পৰিস্থিতিত বৰ্তমানে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত থকা জিষ্ণু বৰুৱাৰ নামেই মুখ্য সচিব হিচাপে বাচনিত উঠাটো প্ৰায় নিশ্চিত।