স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া Credit: টুইটাৰ

গুৱাহাটী- শেহতীয়াকৈ অসমত কোৰোণাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোজাইত মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, ‘‘কোৰোণাৰ সংক্ৰমণ হোৱাৰ খবৰ বৰ্তমান অলপ বেছিকৈ ওলাইছে। কালি ১৪জন আৰু পৰহি ৭জন আক্ৰান্ত হৈছে গতিকে বৰ্তমান সময়ত চিন্তাৰ কাৰণ নাই।”

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, ”যি সময়ত কৰোণাৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈ দিনে ৩৫০০ লোক আক্ৰান্ত হৈছিল সেই সময়তেই লকডাউন দিয়া নাছিলো। আজিৰ পৰিবেশত কেনেকৈ লকডাউন হ’ব?”

নতুন কোভিড প্ৰটক’লৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। অৱশ্যে ইয়াৰ মাজতে সামাজিক ব্যৱধান আৰু মাস্ক পৰিধান কৰিবলৈয়ো ৰাইজক সতৰ্ক কৰি আতংকিত নহ’বলৈও আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply