নিউজ ডেক্স:- দেশবাসীয়ে লাভ কৰিলে ক’ভিড-১৯ ৰ প্রতিষেধক। Drugs Controller General of Indiaই অনুমোদন জনোৱা প্রতিষেধক দুটা হৈছে কোবিছীল্ড আৰু কোভেক্সিন। দুয়োটা প্রতিষেধকেই দুবাৰ ল’ব লাগিব। DCGIয়ে কোবিছীল্ড ৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন জনাইছে। কোভেক্সিন–এ অনুমোদন পাইছে সীমিত জৰুৰীকালীন ব্যৱহাৰৰ।
ডিচিআইয়ে দেওবাৰে নতুন দিল্লীৰ অনুষ্ঠিত এখন সংবাদমেল যোগে চিৰাম প্ৰতিষ্ঠানৰ “কোবিছীল্ড” আৰু ভাৰত বায়োটেকৰ “কোভেক্সিন”ৰ ব্যৱহাৰৰ বাবে অনুুমতি প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, কোভিড ভেকচিনক সম্পৰ্কীয় বিশেষজ্ঞ সমিতিয়ে বছৰৰ প্ৰথম দিনটোতে অৰ্থাৎ ১ জানুৱাৰীত কোভিছিল্ড আৰু দ্বিতীয় দিনা কোভেক্সিনৰ অনুমতি প্ৰদান কৰিছিল। এতিয়া ডিচিজিআইয়ে অনুমতি প্ৰদান কৰাৰ পিছত ভাৰতত ভেকচিনবিধৰ ব্যৱহাৰ শীঘ্ৰেই আৰম্ভ হ’ব।

Co-WIN (COVID-19 Vaccine Intelligence Network) , eVIN (Electronic Vaccine Intelligence Network) আপগ্ৰেড কৰিব লাগিব আৰু এই এপ প্লে ষ্টোৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰিব। স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা জনাইছে যে চৰকাৰে তিনিটা পৰ্যায়ত কোৰোণাৰ টিকা প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত ফ্ৰণ্ট লাইন হেলথকেয়াৰ প্ৰফেচনেল আৰু দ্বিতীয় পৰ্যায়ত জৰুৰীকালীন সেৱাত জড়িত লোকসকলক দিয়া হ’ব। তৃতীয় পৰ্যায়ত শৰীৰত কঠিন ৰোগ থকাসকলে টিকা ল’ব পাৰিব। ইয়াৰ বাবে কো–উইন এপৰ জৰিয়তে ছেলফ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব |