নিউজ ডেস্ক– কৰিমগঞ্জত পোৱা গৈছে এটা গোপন সুৰংগ। অসম-বাংলাদেশক সংযোগ কৰা এই গোপন সুৰংগটো ২০০মিটাৰ দৈৰ্ঘ্য়ৰ। এক অপহৰণকাণ্ডৰ উদ্ধাৰ অভিযান চলাওতে আৰক্ষীয়ে এই পথটোৰ সম্ভেদ লাভ কৰে।
দীৰ্ঘদিন ধৰি এই সুৰংগটো অপহৰণ,বিভিন্ন অনৈতিক কাৰ্যকলাপত ব্য়ৱহাৰ হৈ আহিছে। যোৱা ২৮ডিচেম্বৰত দিলবৰ হুছেইন নামৰ লোকজনক উদ্ধাৰৰ বাবে চলোৱা এক অভিযানত এই পথটো আৰক্ষীয়ে ধৰা পেলায়। অপহৰণকাৰীয়ে দিলবৰৰ পৰিয়ালৰ পৰা ৫লাখ টকা দাবী কৰে। শুকুৰবাৰে আৰক্ষীৰ এটা বিশেষ দলে কৰিমগঞ্জৰ দলগ্ৰাম এলেকাৰ গভীৰ অৰণ্য়ৰ কাঁইটীয়া তাঁৰৰ তলেৰে এই সুৰংগ পথ ধৰা পেলায় ৷
সীমান্তৱৰ্তী এলেকাত এই সুৰংগৰেদি বিভিন্ন চোৰাং কাৰ্য সম্পাদিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷