পাথাৰকান্দি- কৰিমগঞ্জৰ পাথাৰকান্দিত লোমহৰ্ষক ঘটনা। হাতী খেদিবলৈ যাওঁতেই বনৰীয়া হাতীৰ গচকত নিহত হয় এজন শ্ৰমিক। নিহত শ্ৰমিকজন পুটনি চাহবাগিচাৰ ৫নং ৱাৰ্ডৰ ৰাজু চাছা বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা দলে অঞ্চলজুৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। হাতীৰ জাকটোৱে বিভিন্ন লোকৰ খেতি-বাতিত প্ৰৱেশ কৰি শস্য়ৰ অনিষ্ট সাধন কৰি আহিছে।

শুকুৰবাৰে নিশা হাতীৰ জাকটোৱে পুটনি চাহবাগানত সোমাই তহিলং কৰে। পুৱা হাতীৰ জাকটোক খেদিবলৈ স্থানীয় লোকৰ সৈতে ৰাজু চাছা বাগিচালৈ যাওঁতে হাতীৰ গচকত গুৰুতৰ ভাৱে আহত হয় ৰাজু চাছা।

আহত ৰাজু চাছাক ততাতৈয়াকৈ পাথাৰকান্দি হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতাল পোৱাৰ আগতেই মৃত্য়ু হয় ৰাজু চাছাৰ।

ইয়াৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, ৰেঞ্জাৰ দেবজ্য়োতি নাথ, পুটনি গাওঁপঞ্চায়তৰ সভানেত্ৰী নমিতা গোৱালা।

নিহত ৰাজু চাছাৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ বিষয়ে বনবিভাগৰ উচ্চ পৰ্যায়ৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰা বুলি মন্তব্য় কৰে ৰেঞ্জাৰ দেৱজ্য়োতি নাথে। উল্লেখ্য় যে বিগত দিন ধৰি পাথাৰকান্দিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গৈছে বহুলোকৰ। গতিকে এই সন্দৰ্ভত বনবিভাগৰ লোকক উচিত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্থানীয় লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply