নিউজ ডেস্ক– মেঘালয়ৰ মুখ্য়মন্ত্ৰী কনৰাড চাংমা কৰোণাত আক্ৰান্ত হৈছে। বৰ্তমান তেওঁ হোম আইছ’লেচনত আছে। তেওঁৰ স্বাস্থ্য়ৰ অৱস্থা জটিল নহয় বুলি জানিব পৰা গৈছে।
মুখ্য়মন্ত্ৰী গৰাকীৰ শৰীৰত কৰোণাৰ সামান্য় লক্ষণহে দেখা দিছে বুলি টুইটযোগে মুখ্য়মন্ত্ৰী গৰাকীয়ে অৱগত কৰিছে।
I have tested positive for #Covid_19. I am under home isolation and experiencing mild symptoms. I request all those who came in contact with me in the past 5 days to kindly keep a watch on their health and if necessary get tested. Stay safe.
— Conrad Sangma (@SangmaConrad) December 11, 2020
যোৱা ৫ দিনত তেখেতৰ সংস্পৰ্শলৈ অহা লোকসকলক স্বাস্থ্য়ৰ প্ৰতি লক্ষ্য় ৰাখি প্ৰয়োজন হ’লে কভিড পৰীক্ষাৰ বাবে তেওঁলোকক পৰামৰ্শ দিছে। লগতে সকলোকে সজাগ আৰু সুৰক্ষিত থাকিবলৈ আহ্বান কৰিছে।