কৰোণাত আক্ৰান্ত হৈ এছৱাটিনিৰ প্রধানমন্ত্রীৰ মৃত্য়ু

নিউজ ডেস্ক- কৰোণাৰ ভয়াৱহতা এতিয়াওঁ মাৰ যোৱা নাই সমগ্ৰ বিশ্বতে। পুনৰ দিনক দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। আফ্রিকান দেশ এছৱাটিনিৰ প্রধানমন্ত্রী এমব্র’জ লামিনীৰ ক’ভিড–১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। চাৰি সপ্তাহ ধৰি ক’ভিড–১৯ত আক্রান্ত হৈ আছিল প্ৰধানমন্ত্ৰী এমব্র’জ লামিনী ৷ অৱশেষত সোমবাৰে সন্ধিয়া দক্ষিণ আফ্রিকাৰ এখন হাস্পতালত মৃত্যু হয় ৫২ বছৰীয়া প্ৰধানমন্ত্ৰী গৰাকীৰ।

উল্লেখ্য় যে ২০১৮লৈকে ছাজিলেণ্ড ৰূপে জনা গৈছিল এছৱাটিনিক । এক নিযুত জনসংখ্যাৰ দেশ এছৱাটিনিত ক’ভিড–১৯ত এতিয়ালৈকে আক্রান্ত হৈছে ৬,৭৬৮গৰাকী লোক৷ ইয়াৰে ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুৱাইছে ১২৭গৰাকী লোকে৷

যোৱা ১৬ নৱেম্বৰত প্রধানমন্ত্রী লামিনীয়ে ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি নিজেই ঘোষণা কৰিছিল ৷ ১ ডিচেম্বৰত লামিনীক দক্ষিণ আফ্রিকাৰ এখন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ উপ–প্রধানমন্ত্রী থেম্বা মাছুকুৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি লামিনীৰ মৃতদেহ দক্ষিণ আফ্রিকাৰ পৰা গৃহভূমিলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply