মন্ত্ৰী অনিল ৱিজ সংক্ৰমিত হল কভিড-১৯ত

নিউজ ডেস্ক- কভিড-১৯ৰ প্ৰতিষেধক লোৱাৰ পিছত কভিড-১৯ত সংক্ৰমিত হ’ল হাৰিয়ানাৰ স্বাস্থ্য় মন্ত্ৰী অনিল ৱিজ। যোৱা ২০ নৱেম্বৰত হাৰিয়ানাৰ আম্বালা হস্পিতালত কৰোণা ভেকচিন ‘কোভাক্সিন’ প্ৰদান কৰা হৈছিল মন্ত্ৰী গৰাকীক। শনিবাৰে পুৱা মন্ত্ৰী ৱিজে টুইটযোগে তেওঁ ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ কথা সদৰী কৰিছে।

৬৭বছৰীয়া ৱিজক আম্বালাৰ চিভিল হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু তেওঁ টুইটাৰযোগে নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰোঁৱাবলৈ আহ্বান জনাইছে। তেওঁ নিজকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা ৰাজ্যখনৰ প্ৰথমজন স্বেচ্ছাসেৱক বুলিও দাবী কৰিছিল।

স্বাস্থ্য মন্ত্ৰী গৰাকী কোভিড প’জিটিভ হোৱা বাতৰিয়ে সমগ্ৰ ভেকচিন নিৰ্মাণ প্ৰক্ৰিয়া আৰু ইয়াৰ গ্ৰহণযোগ্যতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।

ভাৰত বায়োটেকে কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত দেশৰ মুঠ ২৫ খন চহৰত ২৬০০০ লোকৰ ওপৰত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply