নিউজ ডেস্ক– তীব্ৰ গতিত সংক্ৰমণ হ’ব ধৰিছে কৰোণা ভাইৰাছ। দেশৰ কেবাখনো ৰাজ্য়ত কৰোণাই লৈছে সংহাৰী ৰূপ। কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য় ৰাখি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বুধবাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা। এই নির্দেশনাত ক’ভিড স্থিতি পর্যবেক্ষণ, কন্টেইনমেন্ট জন চিহ্নিত কৰা আৰু সাৱধানতা সংক্রান্তীয় কিছু বিধি-নিষেধ বলবতৰ কথা কোৱা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কালি একাংশ মুখ্যমন্ত্ৰীৰ স’তে ভার্চুৱেল বৈঠকত অংশ লৈছিল। ইয়াৰ পাছতে গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা এই নতুন নির্দেশনা জাৰি কৰা হ’ল। এই নতুন নির্দেশনা ১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰ পর্যন্ত বাহাল থাকিব।
উল্লেখ্য যে দেশৰ কে’বাখনো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত উৎসৱৰ সময়ত, ঠাণ্ডাৰ আৰম্ভণিতে তীব্ৰ গতিত সংক্ৰমণ হ’ব ধৰিছে কভিড-১৯। এই মহামাৰীক নিঃশেষ কৰিবলৈ সাৱধনতা অৱলম্বনেৰে কেতবোৰ নীতি-নিৰ্দেশনা মানি চলাটো অতিকৈ প্ৰয়োজন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু স্বাস্থ্য় পৰিয়াল কল্য়াণ মন্ত্ৰণালয়ে এই ক্ষেত্ৰত জাৰি কৰিছে গাইডলাইন।
নির্দেশনাত কেন্দ্রই দেশৰ সকলাে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলক কন্টেইনমেন্ট সংক্রান্তীয় বিধি কঠোৰভাৱে কাৰ্যকৰী কৰাৰ নির্দেশ দিছে ।ক’ভিড-১৯ সতর্কতা মানি সামাজিক কার্যকলাপ আৰু সমাবেশ নিয়ন্ত্রণ কৰিবলৈ নির্দেশ দিয়া হৈছে। এই ক্ষেত্ৰত আগতে জাৰি কৰা আদর্শ কার্যবিধিত কোনাে সালসলনি হােৱা নাই। নতুন নির্দেশনাত কোৱা হৈছে যে –
কন্টেইনমেন্ট জন সমূহত কেৱল অত্যাৱশ্যকীয় কার্যকলাপহে চলিব। চিকিৎসা জনিত কাৰণত অথবা অত্যাৱশ্যকীয় সামগ্ৰী সেৱাৰ যোগানৰ বাহিৰে এই অঞ্চলবোৰত প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ।
ইয়াৰ তদাৰক কৰিবলৈ একো একোটা দল গঠণ কৰি দিয়া হ’ব।
কভিড প্ৰট’কল অনুযায়ী ঘৰে ঘৰে কভিড পৰীক্ষা কৰা হ’ব। ফলাফলত কভিড পজিটিভ পোৱা সকলৰ তালিকা প্ৰস্তুত কৰা হ’ব আৰু তেওঁলোক ১৪ দিনৰ বাবে নিৰীক্ষণত থাকিব।
কন্টেইনমেণ্ট জনিত প্ৰৱেশ-প্রস্থানৰ ক্ষেত্ৰত কঠোৰ স্থিতি ল’ব লাগিব জিলা প্রশাসনে। অত্যাৱশ্যকীয় কার্যকলাপৰ বাহিৰে আন কোনাে কার্যকলাপৰ বাবে জিলা প্রশাসন, স্থানীয় আৰক্ষী আৰু পৌৰসভা বা পঞ্চায়তৰ অনুমতি লােৱাটো বাধ্যতামূলক। এই ক্ষেত্ৰত কোনাে অনিয়ম হলে সংশ্লিষ্ট ৰাজ্য বা কেন্দ্রীয় শাসিত অঞ্চলে ইয়াৰ ‘ব্যাখ্যা দিব লাগিব।
ইয়াৰ লগতে কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা, ক’ভিড ৰােগী আৰু তেওঁলােকৰ সংস্পৰ্শলৈ অহা লােকসকলক দ্রুতগতিৰে বিচ্ছিন্ন কৰা, প্রয়ােজন অনুসাৰে ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ কথাও নির্দেশনাত কোৱা হৈছে। সম্প্রতি চহৰ অঞ্চলত সংক্ৰমণৰ হাৰ বেছি হােৱাৰ বাবে সামাজিক দূৰত্ব বর্তাই ৰখাৰ বিষয়ত জোৰ দিয়াৰ বাবেও ৰাজ্যসমূহক পৰামর্শ দিয়া হৈছে নির্দেশনাত।
ফেচমাস্ক পিন্ধাটোও বাধ্য়তামূলক হিচাপে কাৰ্যকৰী কৰা হৈছে যদি কোনো লোকে মাস্ক পৰিধান নকৰে তেওঁৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা লোৱা হ’ব।
এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ চৰকাৰে নিজা চহৰসমূহৰ কাৰ্যালয়ৰ সময় সলনি বা অন্যান্য সঠিক সাৱধানতা গ্রহণ, কর্মচাৰীৰ সংখ্যা হ্রাস আদিৰ লগতে সামাজিক দূৰত্বৰ ক্ষেত্ৰত প্রয়ােজনীয় সিদ্ধান্ত ল’ব পাৰিব। আন্তর্জাতিক বিমান যাত্ৰাত কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ অনুমতি লাগিব। ৫০ শতাংশ দর্শকেৰে চিনেমা আৰু থিয়েটাৰ হল খুলিব পাৰিব।সাঁতােৰবিদৰ অনুশীলনৰ বাবেহে ছুইমিং পুল ব্যৱহৃত হ’ব। ব্যৱসায় সংক্রান্তীয় কাৰণতহে প্রদর্শনী হলসমূহ মুকলি কৰিব পাৰিব।
সামাজিক, ধর্মীয়, ক্রীড়া, মনােৰঞ্জন, শিক্ষা, সাংস্কৃতিক, ধর্মীয় সমাবেশ আদিৰ ক্ষেত্ৰত কোনাে হলৰ ভিতৰত সর্বাধিক ৫০জন লােকৰ অনুমতি থাকিব। আনহাতে,কোনাে বন্ধ স্থানত অতি বেছি দুশজন লােক থাকিব পাৰিব আনহাতে, মুকলি স্থানৰ আকাৰ অনুসাৰে মানুহৰ সমাগম হ’ব পাৰিব।
ৰাজ্যৰ ভিতৰত বা আন্তঃৰাজ্যিক যাতায়তত কোনাে বিধি-নিষেধ প্রদান কৰা হােৱা নাই। আনহাতে, পূর্বৰ নিদের্শনাৰ দৰেই স্বাস্থ্য ভংগুৰ, ৬৫ বছৰৰ ঊর্ধ্বৰ লােক, অন্তঃসত্ত্বা মহিলা, অন্যান্য ৰােগত আক্রান্ত লােক আৰু ১০ বছৰ বয়সৰ তলৰ শিশুক কোনাে অত্যাৱশকীয় কাৰণ বা চিকিৎসা সম্পর্কীয় কাৰণৰ বাহিৰে সততে ঘৰতে থাকিবলৈ কোৱা হৈছে।
লগতে আৰোগ্য় সেতু এপৰ ব্য়ৱহাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে।