৪ বছৰ কাৰাদন্ড দিয়া চীনা সাংবাদিক ঝাং ঝান

নিউজ ডেক্স:- কৰোণা ভাইৰাছ ক’ৰপৰা কেনেকৈ সমগ্ৰ বিশ্বতে গ্ৰাস কৰিলে সেই সম্পৰ্কে এতিয়াও স্পষ্ট উত্তৰ নাই | আমেৰিকা চীনে এখনে আনখনক দোষী কৰি অহাৰ বিপৰীতে সমগ্ৰ বিশ্বই চীনক সন্দেহজনক স্থানত ৰাখিছে | কাৰণ চীনৰ ৱুহানত প্ৰথম কৰোণা ৰোগী ধৰা পৰা বিষয়টোৰ বাবে দেশখনৰ বিজ্ঞানাগাৰতেই ক’ভিড-১৯ ভাইৰাচ সৃষ্টি হোৱা বুলি ক’ব খোজে বহুজনে | কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা এই অভিযোগক লৈ কোনো কথাই স্পষ্ট কৰা নাই | সেই সময়ৰ পৰা আজিলৈকে চীনৰ প্ৰশাসনে কোনো তথ্যই যে বাহিৰলৈ নাযায় তাৰ বাবে অধিক সস্ত্ৰম হৈ আছে | কৰোণাৰ বাতৰি প্ৰচাৰৰ বাবেই অপৰাধী হৈ পৰিল এগৰাকী মহিলা সাংবাদিক।

বিদেশী সাংবাদিকসকলকো নিয়ন্ত্ৰণ কৰাৰ লগতে দেশৰ সাংবাদিক সকলে কোনো কৰোণা সম্পৰ্কীয় খবৰ যাতে বাহিৰলৈ নাযায় সেই ক্ষেত্ৰত কঠোৰ হৈছিল চীনৰ শাসক |যোৱা ফেব্ৰুৱাৰী মাহত কৰোণা সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰা চীনৰ সাংবাদিক ঝাং ঝানক চাৰিবছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি বিহা হৈছে।

ৱুহানত যোৱা মে’ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল সাংবাদিকগৰাকী।তাৰ পাছতেই চাংহাই আদালতে সাংবাদিকগৰাকীক শুনানি গ্ৰহণৰ অন্তত ভুৱা তথ্য প্ৰচাৰৰ বাবে দোষী সাব্যস্ত কৰি ৪বছৰৰ বাবে কাৰাদণ্ড বিহে। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমক আতৰাই ৰখা চীনা শাসকে এতিয়া কৰোণাক সফলতাৰে নিয়ন্ত্ৰণ কৰাৰ বাবে ৱুহানক বিশেষ অভিনন্দন জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply