নিউজ ডেক্স: ক’ৰোণাৰ টীকাকৰণ অহা ১৩ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হোৱাৰ সম্ভাৱনা। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সম্বোধন কৰা এক সংবাদ মেলত এই তথ্য স্পষ্ট হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জৰুৰী টীকাকৰণৰ অনুমতি লাভ কৰা দহ দিনৰ পৰাই টীকাকৰণ আৰম্ভ কৰিব পাৰিব।
উল্লেখ্য যোৱা দেওবাৰ তথা ৩ জানুৱাৰীত অক্সফ’ৰ্ডৰ আষ্ট্ৰাজেনেকাৰ কোভিশ্বীল্ড আৰু ভাৰত বায়’টেকৰ কোভিক্সিন নামৰ কোভিড ভেকচিন দুটা ভাৰতত জৰুৰী টীকাকৰণৰ বাবে অনুমতি লাভ কৰিছিল।
আনহাতে কোভিশ্বীল্ড ভেকচিন প্ৰস্তুতকৰ্তা ভাৰতীয় প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু কোভাক্সিন ভেকচিন প্ৰস্তুতকাৰী আন এটা ভাৰতীয় প্ৰতিষ্ঠান ভাৰত বায়’টেকে এক যুটীয়া বিবৃতিত প্ৰতিষ্ঠান দুটাই ভাৰতত একেলগে ভেকচিন বিতৰণ কৰিব বুলি উল্লেখ কৰিছে। প্ৰতিষ্ঠান দুটাই সমগ্ৰ বিশ্বতে কোভিড ভেকচিন বিতৰণ কৰিব বুলিও বিবৃতিত প্ৰকাশ কৰিছে।
ইফালে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সংবাদ মেলখনত কয়ে যে ভেকিচন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দুটাই দেশৰ মুম্বাই, চেন্নাই, কলকতা আৰু হাৰিয়ানাৰ চৰকাৰী মেডিকেল ষ্ট’ৰ বিভাগলৈ ভেকচিনসমূহ যোগান ধৰিব।
তাৰ পৰাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহলৈ ভেকচিনসমূহ প্ৰেৰণ কৰা হ’ব | তেওঁ লগতে জনায় যে সমগ্ৰ দেশত ভেকচিনসমূহ সংৰক্ষণ কৰি ৰাখিবলৈ ২৯ হাজাৰ ক’ল্ড ষ্ট’ৰ সাজু কৰি ৰখা হৈছে।
উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড–১৯ৰ ভেকচিন বিতৰণৰ তত্বাৱধান, ডাটা সংৰক্ষণ আৰু মানুহক ভেকচিন লগোৱাৰ পঞ্জীকৰণৰ কাৰণে ক’ৱিন (Co-WIN App) নামৰ এটা এপ বনাইছে। দেশৰ নাগৰিকসকল যি হেলথ ৱৰ্কাৰ্ছ নহয় তেওঁলোকক কভাক্সিন লগাবলৈ CoWIN এপটো গুগল প্লে ষ্ট’ৰ বা এপল ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত এপটোৰ জৰিয়তে পঞ্জীকৰণ মডুলেৰে মানুহে কোৰোণাৰ ভেকচিনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।