গুৱাহাটী- খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন হ’ব লগা 72 সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি। গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে পেৰেডৰ অনুশীলত ব্যস্ত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী।

এইবাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অসম আৰক্ষী, বীৰাংগনা, এনচিচি কেডেট , এছ এছ বি, অগ্নিনিৰ্বাপক বাহিনী, আইটিবিপি, চিআৰপিএফকে ধৰি মুঠ ১১টা গোটে অংশ ল’ব।

গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন

কভিড সৃষ্ট পৰিবেশৰ বাবে এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী সীমিত কৰা হৈছে। লগতে পেৰেডত অংশ লোৱা গোটৰ সংখ্য়াও সীমিত কৰা হৈছে। এইবাৰৰ অনুষ্ঠানত অংশ নল’ব বিদ্য়ালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। নাথাকিব কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী।

কভিড প্ৰ’টকল অনুসৰি সামাজিক ব্য়ৱধান ৰাখি গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী সমূহ অনুষ্ঠিত কৰা হ’ব।

পেৰেডত মুঠ ১১টা গোটে অংশগ্ৰহণ কৰিব

কভিড মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ গোটক COVID-19 পৰীক্ষা কৰোটো বাধ্যতামূলক কৰা হৈছে। ইতিমধ্যে কভিড পৰীক্ষা কৰা হৈছে আৰু সকলোৰে কভিডৰ পৰীক্ষাৰ ৰি’পৰ্ট নিগেটিভ বুলি জানিব পৰা গৈছে।

মহানগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আগন্তুক গণতন্ত্ৰ দিৱস উপলক্ষে কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰিছে সমগ্ৰ গুৱাহাটীতে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply