গুৱাহাটী – বিগত বৰ্ষসমূহত পশুপালন ক্ষেত্ৰখনৰ উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। তাৰ অংশ হিচাপে কৃষি মন্ত্রী অতুল বৰাই শুকুৰবাৰে খানাপাৰাত আঞ্চলিক কৃত্রিম প্রজনন প্রশিক্ষণ প্রতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে জুলীয়া নাইট্ৰ’জেন পৰিবাহী টেংকাৰসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে।
অনুষ্ঠানত উপস্থিত থাকি কৃষি, পশুপালন ইত্যাদি বিভাগৰ মন্ত্রী অতুল বৰাই কয় যে, পশুপালন খণ্ডটি অধিক গতিশীল কৰি তােলাৰ বাবে চৰকাৰে খানাপাৰা চৌহদত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিষ্ঠান স্থাপন কৰাৰ লগতে নিষ্ক্রিয় হৈ থকা কিছুসংখ্যক প্রতিষ্ঠানক পুনৰুজীৱিত কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় গাে-কুল অভিযান আঁচনিৰ অধীনত ৮.৫৬ কোটি টকা ব্যয়েৰে স্থাপন কৰিবলৈ লােৱা আঞ্চলিক কৃত্রিম প্রজনন প্রশিক্ষণ প্রতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে প্রতিষ্ঠানটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে গােপালকসকলক লাভান্বিত কৰিব।
আনহাতে বিভাগটোত বহুদিন ধৰি বন্ধ হৈ থকা পদোন্নতিৰ কামসমূহ ক্ষীপ্র কৰি তুলি কর্মচাৰীসকলৰ মাজত কর্মস্পৃহা বৃদ্ধিৰ লগতে বিভাগটো অধিক দায়িত্বশীল কৰি তােলাৰ ওপৰত গুৰুত্ব আৰােপ কৰা বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰে। অনুষ্ঠানত প্রশিক্ষণ সমাপ্ত কৰি বিভিন্ন পর্যায়ত কাম কৰি থকা কৃত্রিম গাে প্রজনন কর্মীসকলক একোটাকৈ ‘টেবলেট’ প্রদান কৰা হয়। উল্লেখযােগ্য যে ৰাষ্ট্ৰীয় গাে-কুল মিছনৰ অধীনত এহেজাৰ গৰাকী কৃত্রিম গাে প্রজনন কর্মীক প্রশিক্ষণ প্রদানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ইয়াৰে ৪৮৯ গৰাকীয়ে প্রশিক্ষণ সমাপ্ত কৰি কাম কৰি থকাৰ লগতে প্রায় দুশগৰাকীয়ে প্রশিক্ষণ গ্রহণ কৰি আছে। এই ক্ষেত্ৰত মহিলা সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ প্রদান কৰি বিভাগীয় আয়ুক্ত সচিব শ্যাম জগন্নাথনে পশুপালন ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে আঞ্চলিক কৃত্রিম প্রজনন প্রশিক্ষণ প্রতিষ্ঠানটোৱে দক্ষতাপূর্ণ মানৱ সম্পদ সৃষ্টিত অৰিহণা যােগাব বুলি মন্তব্য কৰে।আনহাতে কৃষি আয়ুক্ত ৰাজেশ প্রসাদেও বিভাগটোক গতিশীল কৰি তােলাৰ বাবে কৃষিমন্ত্রী আৰু ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।
অনুষ্ঠানত দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক উৎপল শর্মা, এন ভি টি ভিৰ কাৰ্যবাহী সঞ্চালক মীনেছ ছাহ, অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু বিবেকানন্দ শইকীয়া প্ৰমুখ্যে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।