গুৱাহাটী – খানাপাৰাত পুৰণি গাড়ীৰ মেলা। খানাপাৰাৰ ৰাজপথত হঠাৎ আহি উপস্থিত হ’ল কেইবাখনো পুৰণি গাড়ী। স্বাধীনতাৰ পূৰ্বৰ বহু গাড়ী চাবলৈ ৰাজপথৰ ওপৰত লাগিল ভিৰ। পুৰণি গাড়ীৰ সন্মান থিয় হৈ কোনোবাই যদি গাড়ী সমূহৰ ফটো লোৱাত ব্যস্ত, কোনোবাই আকৌ চেল্ফি লৈছে পুৰণি গাড়ীৰ সমূহৰ লগত।

গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীৰ ৰাজপথত ওলাল বহু পুৰণি গাড়ী। কোনোবাটো যদি ১৯৩০ চনৰ, কোনোবাটো আকৌ ১৯৩৫ চনৰ, মুঠতে স্বাধীনতাৰ পূৰ্বৰ বহু গাড়ী দেখিবলৈ পোৱা গ’ল গুৱাহাটীৰ ৰাজপথত। গুৱাহাটীৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰাৰ পিছত এই পুৰণি গাড়ী সমূহ ৰখা হ’ল খানাপাৰাৰ ৰাজপথৰ ওপৰত।

ৰাজপথৰ ওপৰত পুৰণি গাড়ী সমূহ দেখা পাই গাড়ী সমূহক এবাই ওচৰৰ পৰা চাবলৈ খানাপাৰাত লাগিল ভিৰ। বহু লোক গাড়ী সমূহৰ ওচৰলৈ আহি গাড়ী সমূহৰ ফটো লোৱাত ব্যস্ত হৈ পৰিল। বহুতে আকৌ গাড়ী সমূহৰ লগত চেল্ফি লোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয়। স্বাধীনতা পূৰ্বৰ এই গাড়ী সমূহক এইদৰে ৰাজপথত দেখা পাই উৎফুল্লিত হৈ পৰিল বহু লোক।

গণৰাজ্য দিৱস উপলক্ষে উলিওৱা এক পুৰণি গাড়ীৰ ৰেলীৰ সামৰণি ঘটে খানাপাৰাত। দীঘলীপুখুৰীৰ পৰা এই পুৰণি গাড়ীৰ ৰেলী গণৰাজ্য দিৱস উপলক্ষে উলিয়াইছিল হেৰীটেজ অটোমোবাইল এছোচিএশ্যন অফ অসম নামৰ এক সন্থাই। পুৰণি গাড়ী সমূহ সংৰক্ষণ কৰাৰ লক্ষ্যৰে দহ বছৰ পূৰ্বে গঠন কৰা হৈছিল এই সন্থাৰ।

হেৰীটেজ অটোমোবাইল এছোচিএশ্যন অফ অসমৰ উদ্যোগত প্ৰতিবছৰে গণৰাজ্য দিৱসৰ দিনা এইদৰে উলিওৱা হয় পুৰণি গাড়ীৰ এক সমদল। বিগত ছয় বছৰ ধৰি গণৰাজ্য দিৱস উপেলক্ষে পুৰণি গাড়ীৰ সমদল উলিয়ৱা হয় গুৱাহাটীৰ ৰাজপথত। উল্লেখ্য যে হেৰীটেজ অটোমোবাইল এছোচিএশ্যন অফ অসমৰ লগতে এইবাৰ গণৰাজ্য দিৱস উপলক্ষে পৰিবহন বিভাগৰ উদ্যোগতো পুৰণি গাড়ীৰ সমদল উলিওৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply