বনৰৌসহ দুই চোৰাংচিকাৰীক গ্রেপ্তাৰ

গুৱাহাটী– মহানগৰীৰ খানাপাৰাত সোমবাৰে নিশা অভিযান চলাই বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ এক অভিযানকাৰী দলে বন বিভাগৰ সহযোগত এটা দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ কৰাৰ লগতে দুজন লোকক গ্রেপ্তাৰ কৰে ৷ ধৃত লোক দুজন ৰংজুলিৰ মানৱ ৰাভা আৰু গুৱাহাটীৰ লক্ষ্মীনগৰৰ পল্লৱ ধৰ বুলি জানিব পৰা গৈছে ৷ বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণ ব্যুৰ’ৰ এক সূত্রই জনোৱা মতে ধৃত লোক দুজনে ৰংজুলিৰ পৰা বনৰৌটো বিক্রীৰ বাবে গুৱাহাটীলৈ আনিছিল৷

বন্যপ্রাণী অপৰাধ নিয়ন্ত্রণৰ অভিযানকাৰী দলটোৱে গোপন সূত্রৰ ভিত্তিত অভিযান চলাই খানাপাৰাৰ গ্রীণ ৰিজ’টৰ সমীপৰ পৰা লোক দুজনক হাতে লোটে গ্রেপ্তাৰ কৰাৰ লগতে দুষ্প্রাপ্য বনৰৌটো উদ্ধাৰ কৰি অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষক গতাই দিয়ে৷ অভিযানকাৰী দলটোৱে ধৃত চোৰাং ব্যৱসায়ী দুজনৰ পৰা এএছ–০১–ডিৱাই–৯২২৬ নম্বৰৰ এখন আই–১০ বাহন জব্দ কৰে৷ ঘটনা সন্দর্ভত বন বিভাগে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply