সৰস মেলা

গুৱাহাটী– অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন দ্বাৰা আয়োজিত ”সৰস মেলা ” ১৯জানুৱাৰীৰ পৰা খানাপাৰাৰ গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়াম ফিল্ডত আৰম্ভ হৈছে। এইবাৰ এই মেলাখনিত অসমকে ধৰি ১৭খন ৰাজ্যই অংশগ্ৰহণ কৰিছে।

অসমৰ ৩৩খন জিলাৰ এখনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিছে এই মেলাত। এইবাৰ সৰস মেলাত বাংলাদেশৰ বিপনীয়েও অংশ লৈছে।

কৰোণা সৃষ্ট পৰিবেশৰ বাবে যোৱাবৰ্ষত সৰসমেলা খনি আয়োজন কৰা হোৱা নাছিল। পিছে পূৰ্বৰ তুলনাত এইবাৰ গ্ৰাহকৰ সঁহাৰি যথেষ্ট ভাল বুলি জানিব পৰা গৈছে। ৬দিনত মুঠ ১কোটি ১৬লাখ টকাৰ সামগ্ৰী বিক্ৰী হৈছে বুলি মেলাখনিৰ আয়োজকে জনাইছে।

সৰস মেলা

গ্ৰাম্য শিল্পীসকলক তেওঁলোকৰ দক্ষতা আৰু সামগ্ৰী প্ৰদৰ্শন কৰা, গ্ৰাম্য জীৱিকাৰ উদ্যোগৰ ওপৰত নগৰীয়া গ্ৰাহকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা তথা গ্ৰাম্য শিল্পীসকলক এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্য এই মেলা আয়োজন কৰা হয়।

এই মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ অন্যান্য আঁচনিৰ দ্বাৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই বছৰ অসমকে ধৰি সমগ্ৰ অসমৰ ১৭ খন ৰাজ্যৰ ১১০ ৰো অধিক বিপনীৰ ব্যৱস্থা কৰা হৈছে।

এই মেলাখনিত অসমৰ সকলো প্ৰান্তৰ পৰা অহা হস্ততাঁত, হস্তশিল্পসমূহ প্ৰদৰ্শিত হৈছে। অসমৰ বোৱা কাপোৰ, মুগা কাপোৰ, অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত পোছাকৰ বাহিৰেও কাঠৰে নিৰ্মিত সামগ্ৰী, বাঁহৰে তৈয়াৰী বিভিন্ন সামগ্ৰী,ঘৰতে তৈয়াৰ কৰা আচাৰ, লাড়ু, পিঠা আদিও উপলব্ধ।

লগতে বাকী বিপনী সমূহত বিহাৰৰ চিল্ক শাৰী, দুপাট্টা আৰু অন্যান্য হস্ততাঁত সামগ্ৰী, গোৱাৰ আলংকাৰিক হস্তশিল্প সামগ্ৰী আৰু গোৱাৰ অলংকাৰ, হস্ততাঁত আৰু হস্তশিল্পৰ কাম, গুজৰাটৰ হস্ততাঁত, চিকন পোছাক সামগ্ৰী, পাট আৰু চামৰাৰ সামগ্ৰী, উৰিষ্যাৰ কপাহী শাৰী , কুৰ্তা, ঝাৰখণ্ডৰ আলংকাৰিক সামগ্ৰী, পাঞ্জাৱৰ পুলকাৰী কাম, চামৰা আৰু হাৰিয়ানাৰ কাঠৰ সামগ্ৰী। পশ্চিম বংগৰ বেনাৰচ শাৰী আৰু চামৰাৰ সামগ্ৰী, শাৰী আৰু গহনা কেৰালা, অন্ধ্ৰ প্ৰদেশৰ মুক্তা আৰু স্ফটিক সামগ্ৰী, মধ্য প্ৰদেশৰ মধুৱনী চিত্ৰ, শাৰী আৰু টেৰেকোটাৰ কাম, দিল্লীৰ ঊলৰ সামগ্ৰী আৰু আলংকাৰিক সামগ্ৰী, তামিলনাডুৰ দক্ষিণ চিল্ক শাৰী আৰু নাৰিকল সামগ্ৰী।লগতে ঢাকাৰ শাৰী, বাংলাদেশৰ প্ৰসিদ্ধ লেখকৰ কিতাপো উপলব্ধ হৈছে এই মেলাত।

অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ অধীনৰ আত্মসহায়ক গোটৰ সদস্যসকলে তৈয়াৰ কৰা মুগা, অসমীয়া পৰম্পৰাগত গহনা, বেত আৰু বাঁহৰ সামগ্ৰী আদি এইবাৰৰ ”সৰস মেলা ২০২১” ৰ মুখ্য আকৰ্ষণ।

এই মেলাত অসমৰ পৰম্পৰাগত খাদ্য় সামগ্ৰীৰ বিপনীৰো ব্যৱস্থা কৰা হৈছে। এই বিপনী সমূহত অসমৰ বিভিন্ন থলুৱা খাদ্য় সামগ্ৰীসমূহ উপলব্ধ।

এই বিপনী সমূহত কেঁকুৰা, পোৰা গাহৰি, মাছ পোৰাকে ধৰি পৰম্পৰাগত খাদ্য় উপলব্ধ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলাসকল এই মেলাত অংশ লৈছে। এইবাৰ সৰসমেলাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। অহা ১ফেব্ৰুৱাৰীত এই সৰস মেলাৰ অন্ত পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,279 other subscribers

Leave a comment

Leave a Reply