চাবুৱা– জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ জিলা সমল গোটৰ উদ্যোগত খাৰজান চাহ বাগিছাত এক প্ৰাপ্তবয়স্ক সাক্ষৰতা কেন্দ্ৰ স্থাপন কৰা হয়। এই সাক্ষৰতা কেন্দ্ৰটোত অৰ্ধ শতাধিক লোকে শিক্ষা গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে প্ৰতিষ্ঠানটোৰ জিলা সমল গোটৰ উদ্যোগত তথা প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত ইতিমধ্যেই বিগত বৰ্ষৰ ডিচেম্বৰ মাহত খাৰজান চাহ বাগিছাৰ অন্তৰ্গত পাটোৱাৰী লাইনত এক শৈক্ষিক সমীক্ষা সম্পাদন কৰা হৈছিল। উক্ত সমীক্ষাৰ ফলস্বৰূপে প্ৰায় অৰ্ধ শতাধিকে শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

সেই আগ্ৰহী লোকসকলক সামৰি বুধবাৰে কাঞ্জিখোৱা বাগিছা প্ৰাথমিক বিদ্যালয়ত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত অংশগ্ৰহণ কৰে প্ৰতিষ্ঠানটোৰ প্ৰবক্তা ভূপেন কুমাৰ দাস, মলয় বৰুৱা, স্বৰাজ ফুকন, ৰঞ্জন বৰা, দুলেন চন্দ্ৰ গোহাঁই আৰু খাৰজান চাহ বাগিছাৰ কল্যাণ বিষয়া আৰু স্বাস্থ্য সহায়ক ক্ৰমে ফ্ৰেংকী ৱং আৰু চন্দন পাটোৱাৰীয়ে । অহা ৭ ফেব্ৰুৱাৰীৰ পৰা শুভাৰম্ভণী হ’ব কাঞ্জিখোৱা বাগিছা প্ৰাথমিক বিদ্যালয়ত প্ৰাপ্তবয়স্ক সাক্ষৰতা কেন্দ্ৰটোৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply