গোলাঘাট – খুমটাইত অবৈধ চুলাইৰ ঘাটি উচ্ছেদ। সদৰ আবকাৰী বিষয়াৰ নেতৃত্বত খুমটাইৰ আঠুকঢ়াচুক এলেকাত অৱকাৰী বিভাগে অভিযান চলাই নষ্ট কৰিলে বৃহৎ পৰিমাণৰ চুলাই। অৱকাৰী বিভাগৰ অভিযানৰ খবৰ পাই পলাই যাবলৈ সক্ষম হয় চতুৰ চুলাই ব্যৱসায়ী সকল।
গোলাঘাট জিলাত অবৈধ দেশী চুলাই মদ সেৱন কৰি শতাধিক লোকে প্ৰাণ হেৰুৱাৰ বিভীষিকাৰ পিছতো যেন শিক্ষা নল’লে একাংশ অবৈধ চুলাই ব্যৱসায়ীয়ে৷ জিলাখনৰ খুমটাইত বর্তমানেও একাংশ চুলাই ব্যৱসায়ীয়ে অবৈধভাৱে চলাই আছে চুলাইৰ ৰমৰমীয়া ব্যৱসায়৷ খুমটাইৰ আঠুকঢ়াচুক এলেকাত গোলাঘাট সদৰ আৱকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত অৱকাৰী বিভাগে অভিযান চলাই উচ্ছেদ কৰিলে কেইবাটাও চুলাই মদৰ ভাটি৷
মাটিৰ তলত গাত খান্দি অবৈধভাৱে নিৰ্মাণ কৰি থোৱা হাজাৰ হাজাৰ লিটাৰ চুলাই নষ্ট কৰে অৱকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে। ইয়াৰ লগতে চুলাই প্ৰস্তুত কৰিবলৈ গেলাই থোৱা গুৰ আদিও নষ্ট কৰে অৱকাৰী বিভাগে। গোলাঘাট সদৰ আৱকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত যোৱা ২০ জনীয়া দলটোৱে প্ৰায় ৩০০০ লিটাৰ চুলাই প্ৰস্তুত কৰাৰ গুৰৰ গেদ, প্ৰায় ১০ লিটাৰ চুলাই মদ আৰু লালীগুড় নষ্ট কৰে।
দলটোৱে অভিযান কালত মাটিৰ তলত পুতি থোৱা আৰু চাহ বাগিচাত লুকুৱাই ৰখা চুলাই প্ৰস্তুত কৰাৰ গুৰৰ গেদৰ লগতে বহু পৰিমানৰ চুলাই মদ নষ্ট কৰে৷ কিছুদিন পূৰ্বেও খুমটাইৰ আঁঠুকঢ়া চুকত গোলাঘাট সদৰ আৱকাৰী পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত আৱকাৰী বিভাগে চুলাই ভাটি উচ্ছেদ কৰিছিল যদিও বৰ্তমানলৈকে শিক্ষা লোৱা নাই চুলাই ব্যৱসায়ীয়ে সকলে৷
অৱকাৰী বিভাগে কেইবাবাৰো চুলাইৰ ভাটি উচ্ছেদ কৰিছে যদিও উচ্ছেদ কৰাৰ পিছতে পুনৰ গঢ় লৈ উঠে চুলাইৰ অবৈধ ভেটি সমূহ৷ অতি দুৰ্গম অঞ্চলৰ চুলাই ভাটিটোলৈ আৱকাৰী অহাৰ উমান পাই পলাবলৈ সক্ষম হ’ল চতুৰ চুলাই ব্যৱসায়ী ৷