গোলাঘাট- খুমটাইত চাহ জনজাতি ছাত্ৰসন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ চাহ শ্ৰমিকসকলৰ মূল সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে আটছাই ৷ নিৰ্বাচনৰ আগত চাহ শ্ৰমিকৰ মূল সমস্যা কেইটা সমাধান নকৰিলে গোলাঘাট জিলাত চাহ বাগিচা সমূহত বিজেপি নেতা-কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিব আটছাই ৷
উল্লেখ যে চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি, ভূমি পট্টা প্ৰদান, জনজাতিকৰণৰ দাবীত খুমটাইত আটছাৰ দেৰগাঁও শাখাৰ উদ্যোগত নেঘেৰিটিং,ৰঙামাটি,দৰিয়া,বাদুলিপাৰ,ৰঙাগড়া আৰু শাঁওতলী উপশাখাৰ সহযোগত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
চাহ শ্ৰমিক সকলৰ সমস্যা সমূহ শীঘ্ৰে সমাধান নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক গাদীৰ পৰা উফৰাই দিয়াৰ হুংকাৰ চাহ শ্ৰমিকৰ ৷ বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। ধৰ্ণাৰ শেষত খুমটাই ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে আটছাই ৷