হাতী মানুহৰ সংঘাতে টোপনী নাইকীয়া কৰিছে গঞাৰ

গোলাঘাট:- হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত | জিলা খনৰ খুমটাইৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ।বন্যহস্তীয়ে নিদ্ৰা হৰণ কৰিছে কেইবাখনো ঘন জনবসতিপূৰ্ণ গাঁৱৰ গঞাৰ।

দেওবাৰে নিশাৰ পৰা খুমটাইৰ সমীপৱৰ্তী পতিয়া পথাৰ,সেন্দুৰিটিং,গৰিয়াজান,চেউনি ৰঙামাটি,বাদুলিপাৰ আদি অঞ্চলত প্ৰবেশ কৰি টোপনি হৰিছে ৰাইজৰ ৷ ৫০/৬০ জনীয়া বন্যহস্তীৰ জাকটোৱে উপদ্ৰপ চলাই অস্বস্তিত পেলাইছে গঞাক ।

খুমটাইত হাতী মানুহৰ সংঘাতে টোপনী নাইকীয়া কৰিছে গঞাৰ

বনবিভাগৰ লোকে স্থানীয় ৰাইজৰ সহযোগত হাতীৰ জাকটো খেদিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানেও জনাঞ্চলতে আছে ৷

শেহতীয়াকৈ বাদুলিপাৰৰ চিঙাবিলত অৱস্থান কৰি আছে হাতীৰ জাকটোৱে ৷ উল্লেখ যে বিগত কিছু দিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা ৫০/৬০ জনীয়া হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খুমটাইৰ বিভিন্ন এলেকাত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply