জয়া গগৈ মহাবিদ্যালয়ত বিনামূলীয়া স্বাস্থ্য শিবিৰ Credit: ইষ্ট ম'জ'

গোলাঘাট– খুমটাইৰ জয়া গগৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে খুমটাই চাহ বাগিচাৰ দৰিদ্ৰ লোকসকলৰ সুবিধাৰ বাবে আয়োজন কৰিলে এটি দিনজোৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ ৷ মহাবিদ্যালয়খনৰ NSS গোটৰ উদ্যোগত নুমলীগড় বিবেকানন্দ কেন্দ্ৰ NRL হস্পিতালৰ সহযোগত খুমটাইৰ জ্ঞানদ্বীপ হাইস্কুলত সম্পন্ন হ’ল ভ্ৰাম্যমাণ চিকিৎসা শিবিৰ ৷

চিকিৎসা শিবিৰটোত অঞ্জলটোৰ প্ৰায় শতাধিক লোকৰ লগতে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্বাস্থ্য পৰীক্ষা কৰে ৷ জয়া গগৈ মহাবিদ্যালয়ৰ NSS গোটৰ তত্ত্বাৱধায়ক ড° পৰেশ চন্দ্ৰ কলিতাৰ নেতৃত্বত NSS গোটৰ সকলো সদস্যই অংশগ্ৰহণ কৰা স্বাস্থ্য শিবিৰটোত নুমলীগড় বিবেকানন্দ কেন্দ্ৰ NRL হস্পিতালৰ কেইবাজনো চিকিৎসকে সেৱা আগবঢ়ায়। এই চিকিৎসা শিবিৰত বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয় ৷ জয়া গগৈ মহাবিদ্যালয়ৰ NSS গোটৰ এই যোগাত্মক পদক্ষেপক খুমটাইৰ সকলোৱে শলাগ লৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply