বৰপেটা – বৰপেটাত খেদি খেদি দুই জুৱাৰীক আটক কৰিলে আৰক্ষীয়ে। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ তৎপৰতা আটক দুই জুৱাৰী। জুৱা খেলৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছে অভিযান।

বৰপেটা চহৰ যেন এতিয়া অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈ পৰিছে। ক্ৰমাৎ অসাধু চক্ৰই গ্ৰাস কৰিছে বৰপেটাৰ শৈক্ষিক সামাজিক পৰিৱেশ। এই অসাধু চক্ৰক নাকী লগাবলৈ এক প্ৰকাৰ যুদ্ধংদেহী মনোভাৱ প্ৰকট কৰিছে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে।

বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰেপৰাই জুৱা, মদ, ড্ৰাগছ আৰু নিচাজাতীয় ঔষধৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান। মঙলাবাৰে বৰপেটাৰ পালহাজি অঞ্চলত হৈ থকা বানিজ্য মেলাৰ অচিলা লৈ জুৱা খেল চলাই থকা বুলি খবৰ লাভ কৰে আৰক্ষীয়ে। ইয়াৰ পিছতেই বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে উক্ত ঠাইত উপস্থিত হৈ অতি দক্ষতাৰে খেদি খেদি দুই জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা দুই জুৱাৰীৰ পৰা বৰপেটা আৰক্ষীয়ে জুৱাত ব্যৱহৃত ডাইছ আৰু নগদ দুই হাজাৰ পঞ্চাছ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জুৱাৰী দুজনক চফিকুল শিকদাৰ আৰু শ্বাহিনুৰ আখতাৰ বুলি জানিবলৈ দিয়ে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিয়ে। প্ৰাথমিক তদন্তৰ অন্ততঃ দুই জুৱাৰীক আৰক্ষীয়ে আদালতত হাজিৰ কৰায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply