গুৱাহাটী – ভাৰতীয় ছিনিয়ৰ ক্ৰিকেট দলটোৰ এগৰাকী আগশাৰীৰ বলাৰ খলিল আহমেদৰ এটা ফুলটছ বল আৰু অসমৰ প্ৰতিভাৱান ৰিয়ান পৰাগৰ এটা বজ্ৰকঠোৰ কোব। বল বাউণ্ডেৰীৰ বাহিৰ। লগে লগে বেট মাটিত থৈ ককাল ভাঙি নাছি দিলে ৰাজস্থান ৰয়েলছৰ জয়ৰ অন্যতম নায়ক ৰিয়ান পৰাগে। আজি আবু ঢাবিত অনুষ্ঠিত আইপিএলৰ এখন খেলত অসম সন্তান ৰিয়ান পৰাগ আৰু ৰাহুল টিৱটিয়াই ৰাজস্থান ৰয়েলছক বিজয়ী কৰে।

পিছে দলে জয়লাভ কৰাৰ পিছত ৰিয়ান পৰাগে কাক বিহু নাচ শিকালে এই ভিডিঅ’ চাওঁক।

ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি ডেভিড ৱাৰ্নাৰৰ ৪৮ৰাণ (৩৮) , মনীষ পাণ্ডেৰ ৫৪ (৪৪) ৰাণ, কেন উইলিয়ামচনৰ ২২ (১২) ৰাণ আৰু প্ৰিয়ম গাৰ্গৰ ১৫ (৮) ৰাণৰ সহায়ত ২০ অ’ভাৰৰ অন্তত ৪টা উইকেট হেৰুৱাই ১৫৮ৰাণ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছৰ ২৬ ৰাণৰ ভিতৰত বেন ষ্টকছ ৫ৰান, জছ বাটলাৰ ১৬ৰান, আৰু স্মিথ ৫ৰান কৰি আউট হয়। ৯.১ অ’ভাৰত ৰবীন উথাপ্পাও ১৫ বলত ১৮ ৰান কৰি আউট হোৱাৰ পিছত অসম সন্তান ৰিয়ান পৰাগ বেটিং কৰিবলৈ আহে। প্ৰথমে ধীৰে সুস্থিৰে খেলি ১৫ অ’ভাৰৰ পৰা ৰিয়ান পৰাগে দলক গতি দিবলৈ আৰম্ভ কৰে। ১৫ অভাৰৰ অন্তিম বলত খলিল আহমেদৰে এটা শ্লো বাউন্সাৰত ৬ কোবায়। ১৬ তম অ’ভাৰতো ৰিয়ানে দুটা চাৰিৰ সহায়ত ৯ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পিছত ৰাহুলে বিস্ফোৰক বেটিঙৰে ১৮ সংখ্যক অ’ভাৰত মুঠ ১৪ ৰান কৰে। অন্তিম অ’ভাৰত প্ৰয়োজন আছিল ৬ বলত ৮ৰাণৰ ।

ৰিয়ান পৰাগে ১৯ অভাৰৰ ৫ নং বলত লং অফত ৬ কোবাই দলক জয়ৰ সোৱাদ দিয়ে। অন্তিমটো শ্বট মাৰিয়েই বিজয়ৰ আনন্দত ৰিয়ান পৰাগে খেলপথাৰত বিহু নাচে। ৰিয়ানে ২৬ বলত ৪২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰাহুল টেৱটিয়াই কৰে ২৮ বলত ৪৫ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply