যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

খেৰণি – খেৰণিত বনৰীয়া হাতীৰ জাকে নিদ্ৰা হৰিছে ৰাইজৰ। শ শ বিঘা কুঁহিয়াৰ খেতি খাই তহিলং কৰাৰ লগতে ঘেহু খেতিৰো বিস্তৰ ক্ষতি সাধন কৰিছে বনৰীয়া হাতীৰ জাকে। মূৰে কপালে হাত দিছে কৃষক ৰাইজ।

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱ ব্যাপক হাৰত বৃদ্ধি পাইছে। এজাক বনৰীয়া হাতীয়ে নিদ্ৰা হৰিছে খেৰণিবাসী ৰাইজৰ।

বিগত প্ৰায় দুমাহ ধৰি ৩০-৪০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে নিতৌ খেৰণিৰ জনাঞ্চল সমূহত প্ৰৱেশ কৰি ৰাইজক ত্ৰাসিত কৰি আহিছে। বনৰীয়া হাতীৰ জাকটোৱে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ব্যাপক ক্ষতি সাধন কৰিছে শস্যৰ।

উল্লেখযোগ্য যে, দিনৰ ভাগত কুঁহিয়াৰ খেতিত আশ্ৰয় লৈ থকা এই বনৰীয়া হাতীৰ জাকটোৱে শ শ বিঘা কুঁহিয়াৰ খেতি খাই তহিলং কৰাৰ উপৰি ঘেহু খেতিৰো বিস্তৰ ক্ষতি সাধন কৰিছে। গঞা ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা সুৰক্ষা পাবলৈ নিতৌ পহৰাৰ ব্যৱস্থা কৰিছে যদিও বন বিভাগে হাতীৰ জাকটো বনাঞ্চললৈ খেদি পঠিওৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply