নাজিৰা – গণৰাজ্য দিৱসৰ উপলক্ষে নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত চাইকেল ৰেচ প্ৰতিযোগিতা। চাইকেল ৰেচ প্ৰতিযোগিতাখন উদ্বোধন কৰে নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই।
৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেওবাৰে নাজিৰাত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা আৰক্ষী প্ৰশাসনৰ সহযোগত এক চাইকেল ৰেচ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নাজিৰা নাট্যমন্দিৰৰ পৰা আৰম্ভ কৰি বৰআলি হৈ মেছাগড় মাদুৰিৰে আহি কপহুৱাৰ মাজেৰে হৈ নাজিৰা মহকুমাধিপতি কাৰ্যালয়ত এই প্ৰতিযোগিতা অন্ত পৰে।
দেওবাৰে পুৱাই অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন উদ্বোধন কৰে নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই। প্ৰতিযোগিতাখনত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম স্থান লাভ কৰে লখিমপুৰ জিলাৰ ঢ়কুৱাখানাৰ বিটু হাজৰিকাই, দ্বিতীয় স্থান দখল কৰে যোৰহাট জিলাৰ জয়ন্ত গগৈ আৰু তৃতীয় স্থানত থাকে শিৱসাগৰ জিলাৰ নাজিৰাৰ বালিঘাটৰ পল্লব গগৈ।
চাইকেল ৰেচ প্ৰতিযোগিতাখনকলৈ পুৱাৰ ভাগত নাজিৰাত এক উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যায়। প্ৰতিযোগিতাখনৰ বিজয়ী সকলক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পুৰস্কাৰ প্ৰদান কৰিব নাজিৰা মহকুমা প্ৰশাসনে।