বিশ্বনাথ: গহপুৰত নিশা জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা । গহপুৰ আবকাৰী বিভাগে গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযান কালত গহপুৰ নগৰত নিশা UP21- CN-4527 নম্বৰৰ ট্ৰাকৰ পৰা ৪৪৯ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰে ।জব্দকৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লাখ ৮০ হেজাৰ টকা বুলি আবকাৰী বিভাগে প্ৰকাশ কৰিছে ।
সুৰাখিনি নাহৰলগুনৰ পৰা বান্দৰদেৱা হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ভালুকপুং,তাৱাঙলৈ বুলি আনি আছিল ।উল্লেখ্য যে বিয়েৰৰ পাৰ্মিট লৈ তাৰ পৰিবৰ্তে মেকড্ৰৱেল হুইস্কী অবৈধ ভাবে কঢ়িয়াই আনিছিল ট্ৰাকখনত ।ইতিমধ্যে গহপুৰ আবকাৰী বিভাগে সুৰা কঢ়িয়াই অনা ট্ৰাক খনৰ চালক মুনাজিৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ।