গহপুৰত বৃহৎ পৰিমান অৰুণাচলী সুৰা জব্দ

বিশ্বনাথ: গুৱাহাটিৰ পৰা অহা আবকাৰী দলৰ গোপন অভিযানত গহপুৰত বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ হয় । বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাৰ চান্দমাৰী চেন্টাৰৰ দিলীপ হাজৰিকাৰ বাসগৃহৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ সুৰাখিনি |

গুৱাহাটীৰ পৰা অহা এটা আবকাৰী দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় ২৫ কাৰ্টন অৰুণাচলী সুৰা। বিগত প্ৰায় ৫ বছৰ ধৰি দিলীপ হাজৰিকা নামৰ ব্যক্তিজনে এই অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহাৰ লগত জড়িত থকাৰ অভিযোগ আছে । জিলা খনৰ আবকাৰী বিভাগৰ এচাম দুৰ্নীতিগ্ৰস্থ বিষয়াৰ সৈতে গোপন বুজাবুজিৰে এই অবৈধ সুৰা ব্যবসায় চলাই গৈছিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply