গহপুৰ- গহপুৰৰ সমীপৰ বালিজানত নিশা শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৩০ ফুট দ খাৱৈত পৰিল হুণ্ডাই ইয়ন গাড়ী। এই দুৰ্ঘটনাত নিহত হয় দুজনকৈ লোক। নিহত হোৱা লোক দুজন এছবিআই বালিজান শাখাৰ বেংক কৰ্মচাৰী ।
উল্লেখ্য যে বাহনখনত আছিল এছবিআই বালিজান শাখাৰ ৪ জনকৈ কৰ্মচাৰী। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ স্থানীয় লোকে ২ জন কৰ্মচাৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বাকী দুজন বাহনৰ ভিতৰতে আবদ্ধ হৈ পৰে।
এই শোকাৱহ দুৰ্ঘটনাটোত এছবিআই বালিজান শাখাৰ কেচ অফিছাৰ বিহাৰৰ বিশাল ৰাজ, বেংকৰ অস্থায়ী কৰ্মচাৰী ৰামেশ্বৰ উৰাঙৰ মৃত্যু হয়। এছ ডি আৰ এফে পুৱতী নিশা অভিযান চলাই পানীৰ তলৰ পৰা লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।