নগাঁও – নগাঁৱত পুনৰ সংঘটিত হৈছে ধন লুটৰ ঘটনা। গাড়ীৰ টুল বক্সৰ পৰাই দুৰ্বৃত্তই লুটি নিলে ৩ লাখ ৬৬ হাজাৰ টকা। গাড়ীৰ সন্মুখৰ গ্লাছ ভাঙি টুল বক্সৰ পৰা লুটি নিলে টকা।
নগাঁৱত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। নগাঁও চহৰৰ মাজমজিয়া খুটিকটীয়াত থকা নেক্সা ডিলাৰৰ সন্মুখৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে ৩ লাখ ৬৬ হাজাৰ টকা৷ এএছ-০২এল-০২৬৬ নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰ সন্মুখৰ গ্লাছ ভাঙি দুৰ্বৃত্তই টুল বক্সৰ পৰা ধনখিনি লুটি নিয়ে ৷
ক্ষীৰোদ দাস নামৰ এজন যুৱকে গাড়ীখনৰ সন্মুখৰ টুল বক্সত ধনৰ মোনাটো থৈ নেক্সা ডিলাৰত প্ৰৱেশ কৰাৰ পিছতে সংঘটিত হয় এই ধন লুটৰ ঘটনা৷ উল্লেখ্য যে শেহতীয়াকৈ নগাঁও চহৰত ধন লুটৰ ঘটনা সঘনে সংঘটিত হোৱাক লৈ উদ্ধিগ্ন হৈ পৰিছে সচেতন সমাজ৷