গুৱাহাটী – মহানগৰীৰ গুৱাহাটী ক্লাবত গীত গাই, চৰকাৰ বিৰোধী শ্ল’গানেৰে “কা” বাতিলৰ দাবী। “কা” বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তি দাবী ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ। “কা” আমি নামানো, অখিল গগৈক মুক্তি দিয়ক ধ্বনিৰে উত্তাল গুৱাহাটী ক্লাবৰ আকাশ-বতাহ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ উত্তাল হ’বলৈ ধৰিছে ৰাজ্য। নাগৰিকত্ব সংশোধনী আইন সাংসদত গৃহীত হোৱা এবছৰ অতিক্ৰম কৰিলে যদিও এই আইনখনক ক’লা আইন আখ্যা দি আইনখনৰ বিৰোধিতা অব্যাহত আছে। বিশ্বব্যাপী কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে মাজতে কিছুসময় “কা” বিৰোধী প্ৰতিবাদ স্তব্ধ হৈ পৰিছিল যদিও কৰ’ণাৰ প্ৰকোপ কমি অহাৰ লগে লগে পুনৰ আৰম্ভ হৈছে “কা” বিৰোধী প্ৰতিবাদ।
বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত “কা” বিৰোধী দল-সংগঠন সমূহে “ক” বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাবত কৃষক মুক্তি সংগ্রাম সমিতিৰ ছাত্ৰ সংগঠন ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে “কা” বাতিলৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। “কা”ৰ বিৰোধী মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ শতাধিক সদস্যই।
প্ৰতিবাদকাৰী সকলে গুৱাহাটী ক্লাবত পথৰ ওপৰত গীত গাই আৰু বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে “কা’ বাতিলৰ দাবী জনায়। অসমীয়া ৰাইজে “কা’ মনা নাই আৰু কেতিয়াও “কা” মানি নলয়। অসমীয়া যুৱকে দেহত শেষ বিন্দু তেজ থকালৈকে “কা”ৰ বিৰোধিতা কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে।
“কা” বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীও জনায় ছাত্ৰ মুক্তি সমগ্ৰাম সমিতিৰ সদস্য সকলে। ৰাজ্যৰ বিজেপি চৰকাৰখনে অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰাখিছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। অখিল গগৈ মুক্তি লাভ নকৰিলে কাৰাগাৰৰ পৰাই ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে।
হাতে হাতে বিভিন্ন “কা” বিৰোধী শ্ল’গান লেখা বেনাৰ পোষ্টৰলৈ “কা” বাতিল কৰিবই লাগিব, “কা” আমি নামানো, বিজেপি চৰকাৰ মূর্দাবাদ, জাতি আজি সংকটত সর্বা তোমাৰ কাম নাই আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ প্ৰতিবাদকাৰী সদস্য সকলে গুৱাহাটী ক্লাবৰ আকাশ-বতাহ উত্তাল কৰি তোলে।