মাজুলী-মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে আজি মাজুলীত গীৰ্জা ভঙা দুবছৰৰ পুৰণি গোচৰত অভিযুক্ত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীক দোষী সাব্যস্ত কৰি ১০,৫০০ টকাৰ জৰিমনা বিহে।
উল্লেখযোগ্য যে, ২০১৮ চনত মাজুলীত গীৰ্জা ভঙা বিষয়ক লৈ হোৱা এক ঘটনাত সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ নাম সাঙোৰ খাই পৰিছিল। পৰৱৰ্তী সময়ত মাজুলী মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত সত্ৰাধিকাৰ গৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫/২০১৯ নম্বৰৰ অধীনত ৪৪৭,২৯৫,২৯৮,২৯৪,৪২৭,৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে সত্ৰাধিকাৰ গোস্বামীৰ বিপক্ষে দিয়া ৰায়দানক লৈ অসন্তুষ্ট সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী | তেও এই ৰায়দানৰ বিপক্ষে প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলি মন্তব্য কৰে।