বৰপেটা – বিষয়াৰ দায়িত্বহীনতাৰ ফলত বৰপেটাত গুডামতে নষ্ট হৈ গ’ল বৃহৎ পৰিমাণৰ শিশু খাদ্য৷ নষ্ট হোৱা বৃহৎ পৰিমাণৰ শিশু খাদ্য গাত খান্দি পুতি থলে মাটিত৷ কৰ’ণাকালীন পৰিস্থিতিৰ বাবে লকডাউন ঘোষণা কৰাৰ ফলত যি সময়ত একাংশ লোকে এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছিল সেই সময়তে বৰপেটাৰ গুদামত পচিবলৈ এৰি দিয়া হৈছিল এই বৃহৎ পৰিমাণৰ শিশু খাদ্য।
বৰপেটা জিলাত শিশুৰ নামত আৱন্টিত হোৱা কেইবাশ কুইন্টল খাদ্য সামগ্ৰী গুডামতে পচি নষ্ট হৈ যোৱাৰ ঘটনা সংঘটিত হৈছে৷ জিলাখনৰ পূৰ্বৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ দায়িত্বহীনতাত কণ কণ শিশুসকলৰ বাবে আৱন্টিত হোৱা শিশু খাদ্য কাৰ্যালয়ৰ গুদামতে পচি নষ্ট হৈ যোৱাৰ ঘটনাই জিলাখনত সৃষ্টি কৰিছে ব্যাপক প্রতিক্রিয়াৰ।
কৰ’ণাকালীণ পৰিস্থিতি আৰু লকডাউনৰ বাবে যি সময়ত বহু লোকে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ঠিক তেনে সময়তে বৰপেটা চহৰৰ বিলৰতাৰীহাটীত অৱস্থিত বিভাগটোৰ গুদামতে পচি নষ্ট হৈ যোৱা বৃহৎ পৰিমাণৰ খাদ্যসামগ্ৰী এক্সকেভটৰ লগাই গুদামৰ পৰা উলিয়াই নি বৰপেটাৰ মন্দিয়া পথৰ কাষৰ এঠাইত পুতি পেলোৱা হৈছে৷ নষ্ট হৈ যোৱা সামগ্ৰীসমুহৰ ভিতৰত চাউল, মটৰ, চাতুগুৰিৰ লগতে শিশুসকলৰ বাবে আৱন্টিত পোচাকো আছে ৷
২০১৮ বৰ্ষৰ পৰাই গুদামখনত মজুত হৈ থকা খাদ্য সামগ্ৰীসমুহ পচি দুৰ্গন্ধ বিয়পি পৰাৰ পিচত জিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য সামগ্ৰীসমুহ মাটিত পুতি পেলোৱা হয়৷ উল্লেখ্য যে, অংগনাৱাড়ী কেন্দ্রসমুহৰ জৰিয়তে শিশু সকলৰ মাজত বিতৰণ কৰা হয় শিশু খাদ্য৷ পিচে শিশুৰ বাবে আৱন্টিত খাদ্য কাৰ হেমাহিৰ বাবে বিতৰণ নকৰাকৈ এনেদৰে পুতি পেলাবলগীয়া হ’ল সেই সম্পৰ্কে ৰাইজে তদন্তৰ দাবী কৰাৰ লগতে দোষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈকো দাবী উত্থাপন কৰিডদছে ৷