শিৱসাগৰ – সভ্য সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ ডিমৌমুখত। গুপ্তধনৰ আশাত ৫ টাকৈ দেৱশিশুক বলি দিবলৈ সাজু কৰা হৈছিল শিৱসাগৰৰ ডিমৌমুখত। সচেতন ৰাইজৰ তৎপৰতাত শনিবাৰে উদ্ধাৰ কৰা হৈছে এই দেৱশিশুকেইটাক। এই ঘটনাই সমগ্ৰ শিৱসাগৰতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে শিৱসাগৰৰ বামবাৰী অঞ্চলৰ দেহত কালি লম্ভা বুলি দাবী কৰা এগৰাকী মহিলা আৰু মৰাণৰ এটা বেজৰ নিৰ্দেশতেই বলি দিয়াৰ বাবে সাজু কৰা হৈছিল ৫ টাকৈ দেৱ শিশুক।

ঘটনাৰ বিৱৰণীৰ মতে শিৱসাগৰ জিলাৰ ডিমৌমুখ অঞ্চলত ঘৰৰ বাৰীৰ এজোপা আম গছৰ তলত থকা গুপ্তধনৰ লোভত মৰাণৰ এজন বেজৰ পৰামৰ্শ মতে দুৰ্বৃত্তকেইটাই নিজ সন্তান তথা দেৱ শিশু কেইটাক বলিৰ বাবে সাজু কৰিছিল।

উল্লেখ্য যে অন্ধ বিশ্বাসৰ বলি হৈ দুই ভাতৃ ক্ৰমে জমিৰুল হুছেইন আৰু ছৰিফুল হুছেইনে নিজৰ সন্তানৰ লগতে আন চাৰিটা শিশুক নৰ বলি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলাৰ ডিমৌমুখত। তেওঁলোকক এই কাৰ্যত জ্যেষ্ঠ ভগ্নী আইচা বেগমে সহায় কৰিছিল বুলিও অভিযোগ উঠিছে।

পিছত দুয়োগৰাকী অভিযুক্তক স্থানীয় ৰাইজে শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে। অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৃথক মত প্ৰকাশ কৰি কৈছে যে আটকাধীন দুই ভাতৃয়ে এতিয়াও আৰক্ষীৰ আগত নিজ পুত্ৰসহ পাঁচ শিশুক বলি দিয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা স্বীকাৰ কৰা নাই।

অভিযুক্ত দুই ভাতৃয়ে তেওঁলোকৰ পুত্ৰৰ শাৰীৰিক অসুস্থতাৰ বাবে মৰাণৰ বেজৰ ওচৰলৈ যোৱা বুলি আৰক্ষী আগত প্ৰকাশ কৰিছে। এতিয়াও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো এজাহাৰ লাভ কৰা নাই আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply