গুৱাহাটী – নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাবত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে।
লাইকা-দধিয়াবাসীৰ সংস্থাপনৰ লগতে কেইবাটাও দাবীত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। লাইকা-দধিয়াবাসীৰ সমৰ্থনত প্ৰতিবাদী আন্দোলনত বহিল অসম জাতীয় পৰিষদ৷ সমগ্ৰ অসমৰ লগতে গুৱাহাটীতো অসম জাতীয় পৰিষদে লাইকা-দধিয়াৰ জনসাধাৰণৰ সংস্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
অসম জাতীয় পৰিষদে মহানগৰীৰ গুৱাহাটী ক্লাবত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ লাইকা দধিয়াৰ দুৰ্গত ৰাইজক পুনৰ সংস্থাপনৰ লগতে বান- গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকক পুনৰ সংস্থাপন দিয়া, হৰিশংকৰ ব্ৰহ্ম কমিটিৰ ভূমি সম্পৰ্কীয় প্ৰতিবেদন কাৰ্যকৰী কৰাৰ লগতে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী তোলে।
আনহাতে জাতীয় সমস্যা সমাধানত ব্যৰ্থ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক গাদীচ্যুত কৰাৰ বাবেও ৰাইজলৈ আহ্বান জনায় অসম জাতীয় পৰিষদে। গুৱাহাটী ক্লাবত পুৱা ১১ বজাত অসম জাতীয় পৰিষদৰ কৰ্মকর্তা সকল উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।