গুৱাহাটী – পূজাৰ বতৰত আলফাৰ নামত ধনদাবী কৰিবলৈ আহি গ্ৰেপ্তাৰ হ’ল দুই যুৱক। কালি গুৱাহাটীৰ পল্টন বজাৰৰ ‘হোটেল অতিথি’ৰ পৰা দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল এই দুটা ভুৱা আলফা সদস্য৷ পল্টন বজাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই ভুৱা আলফা দুটা ক্ৰমে আজাৰাৰ ৰাজু দাস ওৰফে পংকজ (৩৮) আৰু বাক্সা মুছলপুৰৰ প্রণৱ ভূঞা (৩৭) বুলি চিনাক্ত কৰা হৈছে৷ ইয়াৰে প্রণৱ ভূঞাই গুৱাহাটীৰ বশিষ্ঠত বাস কৰি আহিছিল৷

আৰক্ষীয়ে ইতিমধ্যে দুয়োৰে বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)৩৮৭ ধাৰাৰ অধীনত ৭৯৭২০ নম্বৰত এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে৷ আলফাৰ নাম লৈ প্রবঞ্চনা কৰি অহা এই দুই যুৱকে গুৱাহাটীৰ বহুকেইজন ব্যৱসায়ীলৈ ধন দাবী-পত্র প্রেৰণ কৰিছিল৷

আৰক্ষীয়ে ইয়াৰ কেইবাখনো ধন দাবী-পত্র জব্দ কৰা বুলিও জানিবলৈ দিছে৷ শেহতীয়াকৈ আলফাৰ আলোচনাপন্থী গোটৰ পৰা বহিষ্কৃত জিতেন দত্ত, আলোচনাপন্থী নেতা কল্প নেওগকে ধৰি বহু নেতাৰ নামত বিভিন্ন ঠাইত ম’বাইল যোগে ধন দাবী কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply