গুৱাহাটী– আপোনালোক বহুতেই ধোঁৱা উৰি থকা গৰম গৰম ‘ছিজলাৰ’ খাইছে। কিন্তু এইবাৰ গৰম নহয় ঠাণ্ডা ঠাণ্ডা ধোৱা উৰি থকা সুস্বাদু খাদ্য আপোনাৰ খোৱা টেবুলত পৰিৱেশন কৰিব। গুৱাহাটীত প্ৰথম বাৰৰ বাবে উপলব্ধ হৈছে ‘মলেকুলাৰ গেষ্ট্ৰ’নমি। ‘মলেকুলাৰ গেষ্ট্ৰ’নমি’ আধুনিক প্ৰণালীৰ ৰন্ধন প্ৰক্ৰিয়া । বৰ্তমান গুৱাহাটীত উপলব্ধ হৈছে এই বিধ খাদ্য । দেওঁবাৰে হোটেল শূলীন গ্ৰেণ্ডত এই খাদ্য বিধৰ মুকলি কৰা হয়। বৈজ্ঞানিক পদ্ধতিৰে এই খাদ্যবিধ তৈয়াৰ কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া, অধিবক্তা বিজন মহাজন।
হোটেল শূলীন গ্ৰেণ্ডৰ মুৰব্বী ৰীমা বিশ্বাসে এই সন্দৰ্ভত কয়,’ উত্তৰ-পূবত প্ৰথম বাৰৰ বাবে এই খাদ্য বিধ উপলব্ধ হ’ব। এই খাদ্য বিধৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। মলেকুলাৰ গেষ্ট্ৰ’নমিৰ এই সুস্বাদু খাদ্য এতিয়া অসমতে উপলব্ধ হ’ব।
সাধাৰণ সকলো মানুহে খাব পৰাকৈ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছে বুলিও ৰীমা বিশ্বাসে জনাইছে।