গুৱাহাটী – গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু জিতেন্দ্ৰ সিং। ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ লগত বৃহস্পতিবাৰে দিনজোৰা বৈঠকত মিলিত হ’ব নৰেন্দ্ৰ সিং টোমৰ। বিধানসভা নিৰ্বাচনকলৈ তৎপৰ বিজেপি।
বিজেপি অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰস্তুতিক অধিক তৰাম্বিত কৰি তুলিবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ আৰু সহ-প্ৰভাৰী জিতেন্দ্ৰ সিং অসমত উপস্থিত হৈছে। বৃহস্পতিবাৰে দিনৰ ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত নৰেন্দ্ৰ সিং টোমৰ বিধানসভাৰ প্ৰভাৰী, মণ্ডল সভাপতি সৈতে দলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব।
আবেলি ৪ বজাত খানাপাৰাৰ জয়ানগৰত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সংবাদকোষৰ কাৰ্যালয় শুভ উদ্বোধন কৰিব নৰেন্দ্ৰ সিং টোমৰে। সন্ধিয়া গণেশগুৰিস্থিত নিৰ্বাচনী কাৰ্যালয়ত বিজেপি অসম প্ৰদেশৰ ২৭ খন নিৰ্বাচন সমিতিৰ আহ্বায়ক-সহ আহ্বায়ক সকলৰ লগত নিৰ্বাচনী বিষয় সন্দৰ্ভত বৈঠকত বহিব নৰেন্দ্ৰ সিং টোমৰ।