একেলগে তিনিখন বাহন দুর্ঘটনাত পতিত

গুৱাহাটী – মহানগৰীত ভয়াবহ পথ দুর্ঘটনা। তিনিখনকৈ বাহন একেলগে দুৰ্ঘটনাত পতিত হয়। কথমপি প্ৰাণ ৰক্ষা বহু যাত্ৰীৰ। চিটি বাছ এখনে খুন্দা মাৰে পথৰ ৰেলিংত। ৰাজপথৰ ওপৰত বাগৰি পৰে এখন বাহন।

শনিবাৰে মহানগৰী গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। লতাশিলত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বহু লোকৰ। নিয়ন্ত্ৰণ হেৰুৱাই এখন চিটি বাছে লতাশিলৰ পথৰ কাষত থকা ৰেলিংত খুন্দা মাৰে। চিটি বাছখনে পথৰ ওপৰত থকা কেইবাখনো বাহনতো খুন্দা মৰাত এখন বাহন পথৰ ওপৰতে বাগৰি পৰে।

দুর্ঘটনাত অন্য এখন বাহন চিটি বাছখনক পিছফালৰ পৰা খুন্দা মৰাত বাহনখন চিটি বাছৰ তলত সুমাই পৰে। দুর্ঘটনাৰ পিছতে ৰাইজে তৎপৰতাৰে চিটি বাছৰ ভিতৰত থকা যাত্ৰী সকলক উদ্ধাৰ কৰে। দুর্ঘটনাত কথমপি চিটি বাছখনৰ যাত্ৰী সকলৰ লগতে খোজকাঢ়ি গৈ থকা বহু লোকৰ প্ৰাণ ৰক্ষা পৰে।

দুর্ঘটনাৰ পিছতে দুর্ঘটনাস্থলীত থকা ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। লতাশিলৰ ৰাজপথৰ ওপৰত দীৰ্ঘসময় ধৰি তীব্ৰ যানযতৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা যায়। ঘটনাস্থলীত লতাশিল আৰক্ষী উপস্থিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply