গুৱাহাটী – মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। ধর্ষণৰ বলি এগৰাকী ১৩ বছৰীয়া কিশোৰী। ইতিমধ্যেই আৰক্ষীৰ জালত পৰিছে ধর্ষণকাৰী।

ধৃত ধর্ষণকাৰীটো গীতানগৰ থানা এলেকাৰ ভাস্কৰ নগৰৰ বি পি চলিহা নগৰৰ বাবুন শৰ্মা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ভুক্তভোগী কিশোৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত নিজ মাতৃক অৱগত কৰে। ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে সমগ্ৰ ঘটনা সম্পর্কে গীতানগৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ৩১৬/২০ নম্বৰত থানাত এটা গোচৰ ৰুজু কৰি U/S.- ৩৭৬(f) ভাৰতীয় দণ্ড বিধিৰ R.W. Sec ৫(n) ৩৭৬(f) POCSO Act ৰ অধীনত গ্ৰেপ্তাৰ কৰে লম্পট বাবুল শৰ্মাক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply