গুৱাহাটী – গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উত্তৰ পূবৰ তিনিদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী। শুকুৰবাৰে নিশা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক।
উত্তৰ পূবৰ তিনিদিনীয়া ভ্ৰমণসূচীলৈ শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা বৰঝাৰ বিমান বন্দৰত বিমান যোগে উপস্থিত হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায় বিভিন্ন জনগোষ্ঠীৰ প্ৰায় তিনিহেজাৰ শিল্পীয়ে।
শিল্পী সকলে সাংস্কৃতিক কাৰ্যসূচীৰে বৰঝাৰ বিমান বান্দৰৰ পৰা আদৰি আনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। শনিবাৰে দুপৰীয়াৰ ভাগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আমিনগাঁৱত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।
অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত এই ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্রী গৰাকীয়ে কেইবাটাও চৰকাৰী আঁচনিৰ শুভাৰম্ভ কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে ১৮০ কোটিটকীয়া প্ৰকল্পৰ লগতে নগাঁৱৰ পৰা বটদ্ৰৱালৈ চাৰিলেনযুক্ত পথৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে।
ইয়াৰ লগতে অসমত প্ৰতিষ্ঠা হ’বলগীয়া আইন মহাবিদ্যায়ৰ শিলান্যাসৰ আৰু গুৱাহাটীত স্থাপন হ’বলগীয়া গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাই স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। উল্লেখ্য যে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু কালাপাহাৰস্থিত কভিড চিকিৎসালয়খনকলৈ ৮৬০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী শনিবাৰৰ নিশা গুৱাহাটীতে থাকি দেওবাৰে পুৱাৰ ভাগত শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি মণিপুৰলৈ উৰা মাৰিব। দেওবাৰে দিনটো মণিপুৰত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী মণিপুৰৰ পৰাই উভতি যাব দিল্লীলৈ।