গুৱাহাটী – গুৱাহাটীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধভাৱে গঢ়ি উঠা দোকান, বাসগৃহৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনে উচ্ছেদ কৰিলে ভালে সংখ্যক দোকানৰ লগতে কেইবাটাও বাসগৃহ।
মঙলাবাৰে মহানগৰী গুৱাহাটীৰ বিভিন্ন অঞ্চলত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধভাৱে গঢ়ি উঠা দোকান, বাসগৃহৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়।
মহানগৰীৰ খানামুখ, লংকেশ্বৰ, সাতমাইল, জালুকবাৰী আদি অঞ্চলত কামৰূপ মহানগৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়। কামৰূপ মহানগৰ জিলাৰ চক্ৰ বিষয়া (সংলগ্ন) বৰণ্য ৰঞ্জন বৰঠাকুৰৰ নেতৃত্বত চলে এই উচ্ছেদ অভিযান।
উল্লেখযোগ্য যে মহানগৰীৰ বিভিন্ন চৰকাৰী ভূমিত একাংশ দুষ্টচক্ৰই বেদখল কৰি ব্যৱসায় চলাই থকা ভূমি বেদখলমুক্ত কৰাৰ বাবে ন্যায়ালয়ে এক নিৰ্দেশ প্ৰদান কৰিছে জিলা প্ৰশাসনক। ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ ভিত্তিতেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ অভিযান।