গুৱাহাটী: গুৱাহাটীৰ মহানগৰীত দেওবাৰে জনসাধাৰণৰ বাবে মুকলি কৰা হ’ল তিনিখনকৈ নতুন অত্যাধুনিক ফুটব্ৰীজ৷ ইয়াৰে এখন গণেশগুৰিত, দ্বিতীয় খন খানাপাৰাত আৰু আনখন মালিগাঁও কামাখ্যা গেটত | লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে পদসেঁতু তিনিখন | বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিও পদসেঁতু আজি জনসাধাৰণৰ বাবে মুকলি কৰে |

ইয়াৰে হোটেল তাজ ভিভান্টাৰ সমীপত নিৰ্মাণ কৰা পদ সেতুখন আন দুখনকৈ কিছু ব্যতিক্ৰমী ৰূপত সজাই তোলা হৈছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা আটক ধুনীয়াকৈ নিৰ্মাণ কৰা সেঁতুখনৰ সৌন্দর্য বৰ্ধনৰ বাবে বাঁহ ব্যৱহাৰ কৰা হৈছে।
উজনি অসমৰ দিশৰ পৰা মহানগৰীৰ দুৱাৰমুখ স্বৰূপ খানাপাৰাত মুকলি হ’ব লগা সেঁতুখনত “welcome to guwahati” লিখি সকলোকে আদৰণি জনাইছে লোক নিৰ্মাণ বিভাগে। সেঁতুখনৰ নিৰ্মাণৰ ব্যয় কৰা হৈছে প্ৰায় ১২ কোটি টকা। সেঁতুখন ৩১.৪০ মিটাৰ দীঘল আৰু বহল প্ৰায় ৩.১০ মিটাৰ।