গুৱাহাটী – এক শিহৰণকাৰী দৃশ্য। এগৰাকী বয়সস্থ মহিলাই গুৱাহাটীৰ ৰাজপথত প্ৰাতঃভ্ৰমণলৈ আহিছে। কাষেৰে লাহে লাহে পাৰ হৈ গৈছে দুজন বাইক আৰোহী। হঠাৎ মহিলাগৰাকী বাগৰি পৰিছে ৰাজপথত। দৃশ্যটো পুনৰ চালে গম পাব যে বাইক আৰোহী যুৱক এজনে মহিলাগৰাকীৰ ডিঙিৰ পৰা এটাল সোণৰ চেইন টানি ছিঙি লৈ গৈছে। এয়া হৈছে গুৱাহাটীৰ চানমাৰিস্থিত গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ দৃশ্য। ঘটনাটো সংঘটিত হৈছিল বিগত ১৬ ছেপ্তেম্বৰ, ২০২০ তাৰিখে।

ভুক্তভোগী মহিলাগৰাকী চানমাৰি নিবাসী কবিতা দাস (৬৮) বুলি জানিূব পৰা গৈছে। ভক্তভোগী মহিলাগৰাকীৰ বোাৱাৰী মনীষা খাউণ্ড দাসে ঘটনা সন্দৰ্ভত জনায়, “মাৰ মূৰৰ পিছফালৰ পৰা যথেষ্ট ৰক্তক্ষৰণ হৈছিল, হাততো আঘাত পাইছে তেওঁ। তদুপৰি ঘটনা সংঘটিত হোৱাৰ কিছুদিনলৈ মা আতংকিত হৈ আছিল।”

জানিব পৰামতে ইতিমধ্যেই চানমাৰি আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে অপৰাধীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

ইফালে আজি ইষ্ট মোজোৰ তৰফৰ পৰা চানমাৰি আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্ত চন্দ্ৰকান্ত বড়োৰ সৈতে যোগাযোগ কৰাত বিষয়াজনে কয়, “আমি এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি আছো। যুৱক দুজনৰ সন্ধানত কাম কৰি থকা হৈছে। এই যুৱকদুজন ইয়াৰ পূৰ্বেও গুৱাহাটীৰ কিছু স্থানত চেইন টনাৰ দৰে অপৰাধ সংঘটিত কৰিছে। শীঘ্ৰেই আমি অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply